
চিচিবৰগাঁওঃ অসম জাতীয়াতাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ১২ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কিতাপ, সাজপাৰ আদি প্ৰদান কৰে৷
সংগঠনটোৰ শিক্ষা কোষ আৰু সংস্থাপন কোষৰ উদ্যোগত অনুষ্ঠিত এখন সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷ ইয়াৰ লগতে কৃষককো একেটা অনুষ্ঠানতে কৃষিৰ সাঁ-সজুলি যোগান ধৰে।
সংগঠনটোৰ শিক্ষা কোষ আৰু সংস্থাপন কোষে বিগত ২০১০ চনৰ পৰাই জিলাখনৰ খেতিয়কসকলক উৎসাহিত কৰিবলৈ প্ৰতি বছৰে ২২ জন খেতিয়কক নিৰ্বাচিত কৰি প্ৰয়োজনীয় নাঙল, জাপি, কোৰ, উন্নত জাতৰ ধানৰ বীজ আৰু অন্যান্য কৃষিৰ সা-সজুঁলি যোগান ধৰি আহিছে।
এই বছৰো ২২ জন খেতিয়কক এই সামগ্ৰীসমূহ যোগান ধৰে। সভাত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক শৈলেন বৰুৱা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন্দ্ৰ বৰুৱা, ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰগোহাঞি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞি, নৃপেন ভিতৰুৱাল কোঁৱৰ, নিৰঞ্জন দাস, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক নেওগ উপস্থিত থাকে।