
newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিটাঙনী, ধিঙগাঁও, কান্ধলীমাৰী, জাৰামাৰী, লাঙীয়া, আদি অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পকীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কংগ্ৰেছৰ এটা সজাতি দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা যাচে৷ কংগ্ৰেছৰ যুৱ নেতা জিয়াউল ইছলাম সদাগৰৰ নেতৃত্বত যোৱা দলটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ডিষ্টিংচন লাভ কৰি সমষ্টি তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰে৷
জিয়াউল ইছলাম সদাগৰে শিক্ষা এটা জাতিৰ মেৰুদণ্ড, শিক্ষাৰ মাধ্যমেৰে আমাৰ সমাজ ব্যৱস্থাক পৰিবতৰ্ন কৰিব লাগিব বুলি কয়৷ বিজ্ঞান, প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ শিক্ষাক ছাত্ৰ-ছাত্ৰীয়ে আকোৱালি লব লাগিব বুলি কয়৷ তেতিয়াহে একো-একোজন উচ্চ শিক্ষিত ছাত্ৰই দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি কয় সদাগৰে৷
সদাগৰে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা আৰম্ভ হৈছে গুৰুকুলৰ পৰা। শিক্ষক-ছাত্ৰ-ছাত্ৰী-অভিভাৱকৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ অতিব প্ৰয়োজন। প্ৰকৃত শিক্ষাই আমাক কেতিয়াও দুৰ্নীতি কৰিবলৈ নিশিকায়। পিছ পৰা সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰায়ে সংখ্যক দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ এয়া অতি গৌৰৱৰ বিষয়, আনাগত দিনত এই পিছ পৰা অঞ্চল সমূহৰ কৃতীমান ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমাজ ব্যৱস্থা সলনি কৰিব বুলি কয়৷
সদাগৰে বৰ্তমান সময়ত বিশেষকৈ সংখ্যালঘু অঞ্চল সমূহত সঘনাই সংঘটিত হোৱা বাল্য বিবাহৰ প্ৰথাক তীব্ৰ বিৰোধিতা কৰি কয় যে, যেতিয়ালৈকে আমাৰ সমাজৰ পৰা এই কুসংস্কাৰ সমূহ দূৰ নহয় তেতিয়ালৈকে আমাৰ সমাজ ব্যৱস্থা পৰিবৰ্তন নহয়। মহিলাসকলক উচ শিক্ষাৰে শিক্ষিত কৰিবলৈও পৰামৰ্শ আগবঢ়াই জিয়াউল ইছলাম সদাগৰে৷