newsnextone.com | কোকৰাঝাৰঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাধ্যমৰ পৰা উত্তীৰ্ণ হোৱা শীৰ্ষ দহ স্থান প্ৰাপ্ত ১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সোমবাৰে এবছুৱে কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰে। কোকৰাঝাৰ চহৰৰ নিকটৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এবছুৱে ১৩তম কমল কুমাৰ বঁটা প্ৰদান কৰে৷ 

বাক্সা জিলাৰ ইউ এন একাডেমীৰ ৰাইদাও বসুমতাৰী, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুল সৌৰাংছাৰ বসুমতাৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ প্ৰয়াম কুমাৰ ব্ৰহ্ম, হাস্কা জিলাৰ ইউ এন একাডেমীৰ মুলুকমা বড়ো, বাক্সা জিলাৰ মেদাঘাটৰ বাথৌ আশ্ৰম হাইস্কুলৰ ধনমনী ৰামছিয়াৰী, কোকৰাঝাৰ জিলাৰ ইউ এন একাডেমীৰ ধনিষ্ঠা মুছাহাৰী আৰু মানিক বসুমতাৰী, বাক্সা জিলাৰ ইউএন একাডেমীৰ অভিজিৎ ব্ৰহ্ম, বাক্সা জিলাৰ বৰিমাখাৰ বাথৌ আশ্ৰম হাইস্কুলৰ য়ুথৰিয়াসাৰ খুংগুৰ বড়ো, নলবাৰী জিলাৰ বাথৌ আশ্ৰম হাইস্কুলৰ জম্মী নাৰ্জাৰী, শালবাৰীৰ হাতৰ্খী পঢ়াশালীৰ কৃষ্ণাজুলী বড়ো, চিৰাং জিলাৰ উলুবাৰী হাইস্কুলৰ মনজিৎ বসুমতাৰীক কমল কুমাৰ ব্ৰহ্ম দেৰহাছাৎ বঁটা প্ৰদান কৰে এবছুৱে৷

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছেবাৰ অধ্যক্ষ ৰমেশ কুমাৰ জৈনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক বুলি মন্তব্য প্ৰকাশ কৰি নিদানমুলক ব্যৱস্থা আৰু গুণোৎসৱে বিদ্যালয়ৰ ফলাফল উন্নত কৰি তোলাত সহায়ক হোৱা বুলি কয়। আনহাতে অনুষ্ঠানত সভাপতিত্ব কৰা এবছুৰ সভাপতি প্ৰমোদ বড়োই বড়ো  মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ পিছতো সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সৰ্বমুঠ ১৬০৬গৰাকীয়ে উত্তীৰ্ণ হোৱাত অভিনন্দন জ্ঞাপন কৰি এবছুৰ গুণগত অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে। বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত শেহতীয়াভাৱে ইউপিএছচি সফলতা লাভ কৰা মনোজ স্বৰ্গীয়াৰী আৰু ট্ৰাইফেডৰ উপ-সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা প্ৰতিভা ব্ৰহ্মকো সম্বৰ্ধনা যাচে এবছুৱে।