আজাৰাঃ ‘‘বিপদত বন্ধুই লগ এৰিব পাৰে, কিন্তু শিক্ষাই কেতিয়াও অকলশৰীয়াকৈ নেৰে৷’’-এই মন্তব্য বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডo অমৰ জ্যোতি চৌধুৰীৰ৷ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলাৰ আজাৰাত শনিবাৰে আয়োজিত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে বিশিষ্ট শিক্ষাবিদজনে৷

শনিবাৰে আজাৰাত অঞ্চলটোৰ ১৫৮ গৰাকী যোৱা শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ন ছাত্ৰ-ছাত্ৰী আৰু সেই শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলক সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসমৰ ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক অভিভাৱক সকলৰ সতে মত বিনিময় কৰে৷

 অনুষ্ঠানৰ ভাষণত ডo অমৰ জ্যোতি চোধুৰীয়ে অসমৰ বিশিষ্ট গুণী জ্ঞানী ব্যক্তি সকলৰ কথা পাহৰি ৰাজ্য চৰকাৰে নতুনকৈ স্থাপন কৰিবলৈ ওলোৱা মহাবিদ্যালয় কেইখনৰ নাম দিনদয়াল উপাধ্যায়ৰ নামত কৰিব ওলোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু অসমৰ জাতীয় বীৰ সকলৰ নামত শিক্ষানুষ্ঠান স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনায়।

সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ শিক্ষা খণ্ডত হৈ থকা বিভিন্ন বেমেজালিৰ উনুকিয়ায় আৰু বৰমুৰীয়া সকলে দিছপুৰৰ গাডীত বহি সিদ্ধান্ত লোৱাৰ বিপৰীতে ছাত্ৰ ছাত্ৰীৰ উন্নয়ন হব পৰা পদক্ষেপ গ্ৰহন কৰিবলৈ চৰকাৰক আহ্বান জনায়৷