newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত আলিটাঙনী, ধিঙগাঁও, কান্ধলীমাৰী, জাৰামাৰী, লাঙীয়া, আদি অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক কংগ্ৰেছৰ এটা সজাতি দলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা যাচে৷ কংগ্ৰেছৰ যুৱ নেতা জিয়াউল ইছলাম সদাগৰৰ নেতৃত্বত যোৱা দলটোৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ডিষ্টিংচন লাভ কৰি সমষ্টি তথা নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ শুভেচ্ছা জ্ঞাপন কৰে৷

নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তৰ সংখ্যালঘূ বসতি প্ৰধান গ্ৰামাঞ্চলৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ণৰ প্ৰতি অধিক আগ্ৰহী আৰু উৎসাহী কৰি তোলাৰ অৰ্থে বিশেষ পদক্ষেপ গ্ৰহন কৰিছে জিলাখনৰ ধিং সমষ্টিৰ কংগ্ৰেছ দলৰ যুৱ নেতা তথা শিক্ষাবিদ জিয়াউল ইছলাম সদাগৰে ৷ 

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক পাই স্থানীয় অঞ্চল তথা জিলাখনলৈ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ শুভেচ্ছা জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ 

কৃৰ্তীমানসকলক এনেদৰে সম্বৰ্ধনা আৰু শুভেচ্ছা জনাই যুৱ নেতাজনে কয় যে গ্ৰাম্য সমাজ ব্যৱস্থাৰ উন্নয়ণৰ ক্ষেত্ৰত মহিলাই বিশেষ অৱদান যোগাই আহিছে৷ গতিকে গ্ৰাম্য অঞ্চলৰ সমাজ ব্যৱস্থাটোৰ পৰিবৰ্তন সাধিবলৈ হ’লে মহিলাসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷ ইয়াৰ বাবে আমি সকলোৱে নাৰী শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰে৷

ছাত্ৰ-ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা আৰু কঠিন পৰিশ্ৰমৰ মাজেৰে অধ্যয়ণত ব্ৰতী হ’লে সঠিক লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ যুৱ নেতা জিয়াউল ইছলাম সদাগৰৰ নেতৃত্বত ইয়াৰ পূৰ্বেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা আৰু সম্বৰ্ধনা জ্ঞাপন কৰি সেইসকলক উৎসাহিত কৰিছিল৷ যুৱ নেতাজনৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷