দলংঘাটঃ পশ্চিম দৰং অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান দেওমৰনৈ স্নাতক মহাবিদ্যালয় বুধবাৰে নৱাগত সকলক আদৰণি জনোৱাৰ লগতে ন-পুৰণি সতীৰ্থ সন্মিলন মেধাৱী বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

ৰাতিপুৱা মহাবিদ্যালয় পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ গীতালি কলিতাই। সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই, ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ উপসভাপতি নিখিল শৰ্মাই, শ্বহীদ তৰ্পণ অনুষ্ঠান ৰূপায়ণ কৰে মহাবিদ্যালয়ৰ কাৰ্যালয়ৰ সহায়ক দিগাম্বৰ ডেকাই, বৃক্ষৰোপন কৰে ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি শংকৰ কলিতাই, 'ৰামধেনু' প্ৰাচীৰ পত্ৰিকা বিশেষ নৱাগত সংখ্যা উন্মোচন কৰে মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক অৱনী চহৰীয়াই আৰু তাৰ পিছতে আৰম্ভ হয় মেধাৱী বটাঁ প্ৰদান অনুষ্ঠান।

মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পদোৰাম ডেকাৰ সভাপতিত্বত হোৱা সভাখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা অনিতা দেৱীয়ে, মূখ্য অতিথি হিচাপে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শ্ৰম বিষয়া তথা দেওমৰনৈ সাহিত্য সভাৰ সভাপতি ভুচন্দ্ৰ শৰ্মা, আমন্ত্রিত অতিথি হিচাপ উপস্থিত থাকে দেওমৰনৈ সেনাচাউনিৰ বিষয়া।

সভা শেষ হোৱাৰ পিছতে নৱাগত সকলক আদৰনি জনোৱাৰ লগতে চা-চিনাকী তথা প্ৰতিভা বিকাশৰ 'অন্তৰংগ' অনুষ্ঠান অনুষ্ঠিত হয়। অন্তৰংগ অনুষ্ঠান।অন্তৰংগ অনুষ্ঠানটিত উপস্থিত থাকে আৰ জে গপ চপৰ গদা-পদ্ম ক্ৰমে উদয় শংকৰ ভূঞা আৰু ধনবৰ কলিতাই। অন্তৰংগ অনুষ্ঠানটি পৰিচলনা কৰে মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত শৰ্মা আৰু মৌচুমী ডেকাই।