27
Aug
2017

লালুকঃ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ নাৰী জাগৰণ সমিতিৰ তৰফৰ পৰা বৃহস্পতিবাৰে সমষ্টিটোৰ ১৪ খন উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ ভিতৰত শীৰ্ষ নম্বৰ প্ৰাপ্ত তিনিজন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷
শীৰ্ষ নম্বৰপ্ৰাপ্ত নাওবৈচা কণিষ্ঠ মহাবিদ্যালয়ৰ পূৰ্ণ বাহাদুৰ চুব্বা, লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৰীমা বৰুৱা, আৰু হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিলোৎপল শৰ্মাক ফুলাম গামোচ, সম্বৰ্ধনা পত্ৰ, একোটিকৈ কিতাপৰ টোপোলা আৰু নগদ ক্ৰমে ৭০০০, ৫০০০, আৰু ৩০০০ হেজাৰ টকাৰে সম্বৰ্ধনা জনোৱা হয়।