তুলসীবাৰীঃ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত একাংশ প্ৰাদেশীকৃত বিদ্যালয়ৰ ফলাফলক প্ৰত্যাহ্বান জনাই সফলতাৰ নিদৰ্শন দাঙি ধৰা অপ্ৰাদেশীকৃত কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানটি আজি সফলতাৰে অনুষ্ঠিত হৈ যায়৷

ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে শুভ উদ্বোধন কৰা অনুষ্ঠানখনত ছহিদ সুনন্দ শালৈ এম.ই স্কুলৰ প্ৰধান শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰে৷

প্ৰধান শিক্ষক পংকজ পল্লব শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা কবি-অভিনেতা দিগন্ত কুমাৰ নাথ উপস্থিত থাকি ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক সফলতা প্ৰাপ্তিৰ হকে অধ্যয়নৰ কঠোৰ সংগ্ৰাম অব্যাহত ৰখাতো অতিকৈ প্ৰয়োজনীয় বুলি মত ব্যক্ত কৰে৷

ইংৰাজী সাহিত্যত প্ৰতিষ্ঠিত কথাশিল্পী চেতন ভগতৰ কথাশিল্পৰ বৈচিত্ৰতা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ পঠনীয় বুলি দোহাৰি নিৰ্দিষ্ট পাঠ্যক্ৰমৰ লগতে কবিতা, গল্পকে ধৰি আন আন সাহিত্যবোৰ অধ্যয়ন কৰিবলৈ সমবেত ছাত্ৰ-ছাত্ৰীসকলক ভাষণ প্ৰসংগত পৰামৰ্শ প্ৰদান কৰে৷ আনহাতে সাম্প্ৰতিক বিশ্বায়নৰ যুগত অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ মোবাইল, ইন্টাৰনেট আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰত সন্তানৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিবলৈও সমবেত অভিভাৱকসকলক আহ্বান জনায় নাথে৷

ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাই ভাষণ প্ৰসংগত কৃতি ছাত্ৰ-ছাত্ৰীসকলক ওপজা গাঁৱৰ মাটিৰ গোন্ধ নাপাহৰি প্ৰকৃত মানুহ হিচাপে প্ৰতিষ্ঠা লাভৰ সংগ্ৰামত অবতীৰ্ণ হ’বলৈ আহ্বান জনায়৷ অধ্যয়ন ক্ষেত্ৰৰ লগতে শাৰীৰিক চৰ্চা আদিৰ জৰিয়তে নিজকে সু নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি মানবীয় প্ৰমুল্য বোধৰ অবক্ষয় হ’বলৈ নিদিবলৈকো প্ৰতিগৰাকী  ছাত্ৰ-ছাত্ৰীলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে৷

উক্ত সভাতে ৰঙিয়া প্ৰেছ ক্লাবৰ উপদেষ্টা প্ৰকাশ ডেকা, সম্পাদক ফাৰুক হুছেইনকে ধৰি কেইবাগৰাকী আমন্ত্ৰিত অতিথিয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে৷ সভাৰ মাজতে বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃতি আৰু সংগীত পৰিৱেশনৰে সমবেত ৰাইজক আপ্লুত কৰে৷

অনুষ্ঠানৰ শেষত বিদ্যালয়খনৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, মানপত্ৰ আদিৰে অভিনন্দন জ্ঞাপন কৰা হয়৷