শিৱসাগৰঃ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিৱসাগৰ মহকুমা সমিতিয়ে মহকুমা কৃতী শিক্ষকৰ বঁটা এইবেলি ২নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক গোঁহাইক প্ৰদান কৰে। মঙলবাৰে পুৱা শিৱসাগৰ নগৰৰ ২নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি শিক্ষক সন্মিলনী এই প্ৰদান কৰে ৷

শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি টুটু বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সন্মিলনীৰ সাধাৰণ সম্পাদক বিমল চন্দ্ৰ গগৈয়ে অাঁতধৰে।

এই সম্বৰ্ধনা সভাত উপস্থিত থাকে সন্মিলনী ৰাজ্যিক সদস্য স্বৰূপ বৰগোঁহাই, সৰ্বভাৰতীয় প্ৰাক্তন সদস্য প্ৰদীপ বড়া, মহকুমাৰ উপ-সভাপতি ব্ৰজেন দাস, সহকাৰী সম্পাদক অৰুণ কলিতা, সাংগঠনিক সম্পাদক ৰঞ্জিত চুতীয়াতৰ লগতে শিৱসাগৰৰ বহুকেইজন বিশিষ্ট লোক। 

কনক গোঁহাইক গামোচা, চেলেং, মানপত্ৰ অাৰু শৰাইৰে সম্বৰ্ধনা জনায়। সভাত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এইবছৰ ৰাজ্যিক কৃতী বঁটাপ্ৰাপ্ত শিক্ষক ৰঞ্জিত চুতীয়াকো সম্বৰ্ধনা জনায়৷ সভাত বিদ্যালয়ৰ শিক্ষাৰ্থী দ্বীপশিখা নাথ, ভৈৰৱ চেতিয়া আৰু সুস্মিতা গগৈয়ে সমৱেত সংগীত পৰিৱেশন কৰে