
দলংঘাটঃ দেওমৰনৈ অঞ্চললৈ গৌৰৱ কঢ়িয়াই দৰং জিলাৰ দীঘিৰপাৰ কমলা কুঁৱৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক তথা দেওমৰনৈৰ প্ৰাক্তন ছাত্ৰ নেতা হৰেন্দ্ৰ নাথ শৰ্মাই লাভ কৰিলে জিলা কৃতি শিক্ষকৰ বঁটা৷ শিক্ষকগৰাকীয়ে জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ পাছতে দেওমৰনৈৰ বিভিন্ন দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, আৰু বিশিষ্ট ব্যক্তিসকলে শিক্ষকগৰাকীৰ ঘৰলৈ গৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।
দেওমৰনৈ অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ থকা হৰেন্দ্ৰ নাথ শৰ্মাই জিলা কৃতি শিক্ষকৰ বটাঁ লাভ কৰাত দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাই আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰে লগতে সদৌ দৰং জিলা ছাত্র সন্থাৰ উপ সভাপতি নিৰঞ্জন শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰে।