
নলবাৰীঃ নলবাৰী জিলাৰ দক্ষিণ নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক আজি মহাবিদ্যালয় শিক্ষক গোট, কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ পৰা বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়। যোৱা ৫ ছেপ্তেম্বৰৰ দিনা নলবাৰীত জিলা প্ৰশাসনে কেন্দ্ৰীয় ভাৱে আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠানত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক কৃতী শিক্ষকৰ বটাঁ প্ৰদান কৰিছিল।
আজি তেওঁ কৰ্মৰত শিক্ষানুষ্ঠানখনত এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰি অধ্যাপকগৰাকীৰ কৃতিত্বক সন্মান জনোৱা হয়৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰাধানাথ কলিতাই আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাই সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে প্ৰকৃত শিক্ষক হোৱা বহুত কঠিন। আমি বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে জীৱন আগবঢ়াই নি মহান শিক্ষকতা বৃত্তি কৰিছো। শিক্ষক হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলক মৰম-আদৰেৰে শিক্ষা দান কৰি তেওঁলোকক মহীয়ান কৰি তুলিবলৈ চেষ্টা কৰিব লাগিব, সমাজখনৰ লগত মিলি দেশ-জাতিৰ কল্যাণ সাধনত মনোযোগ দিব পাৰিব লাগিব।
অনুষ্ঠানখনত শিক্ষাই মানৱ জীৱনৰ মূল চালিকা শক্তি বুলি দোহাৰে অধ্যাপকগৰাকীয়ে। কৃতী অধ্যাপকগৰাকীয়ে আজি তেওঁ যি সন্মান লাভ কৰিছে, সেয়া ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ বাবেই বুলি প্ৰকাশ কৰে।