23
Sep
2017

নলবাৰীঃ আজি নলবাৰী জিলাৰ অগ্নিশালা সত্ৰৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাধানাথ কলিতাই আঁত ধৰা অনুষ্ঠানত সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাই নিজৰ শিক্ষক বৃত্তিৰ দৰে চাকৰিৰ কাৰ্যকালৰ আভাস দাঙি ধৰে আৰু শিক্ষক-কৰ্মচাৰী সকলৰ সহযোগ তথা আন্তৰিকতাৰ বিষয়ে আলোকপাত কৰি আৱেগিক হৈ পৰে।