ওদালগুৰিঃ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত৷ শনিবাৰে নিশা উদ্ধাৰ হয় হাৰমিনা কৌৰ(৩০) নামৰ মহিলাগৰাকীৰ মৃতদেহ।

বাগিচাৰ ৬ নং লাইনৰ নিকোদিন কৌৰ নামৰ লোক জনৰ পত্নীৰ মৃতদেহ নিজ বাসগৃহত ছীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। নিশা প্ৰায় ৯ বজাত স্বামী নিকোদিন কৌৰ ঘৰত নথকা অৱস্থাত পত্নী হাৰমিনা কৌৰে নিজ বাসগৃহত ছীপ লৈ আত্মহত্যা কৰাৰ সন্দেহ কৰে স্বামীয়ে৷

ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে। স্বামীয়ে ওচৰৰে দোকানলৈ যোৱাৰ পিছতে এই ঘটনা সংঘটিত কৰে মহিলাগৰাকীয়ে। দুই সন্তানৰ মাতৃ আছিল মহিলাগৰাকী। নিকোদিন কৌৰে যোৱা দুবছৰ ধৰি পঞ্জাৱত কাম কৰি ঘৰলৈ আহিছিল বুলি জানিব পৰা যায়৷

পঞ্জাৱত থকা সময়ছোৱাত হাৰমিনা কৌৰ নামৰ দুই সন্তানৰ মাতৃগৰাকীয়ে ভূপেন নামৰ লোক এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু পৰৱৰ্তী সময়ত এই প্ৰেম অবৈধ সম্পৰ্কলৈ ৰূপান্তৰ হৈছিল বুলি কয় নিকোদিন কৌৰ। দুমাহ পূৰ্বে স্বামী নিকোদিন কৌৰ পঞ্জাৱৰ পৰা ঘৰলৈ আহি পত্নীৰ অবৈধ প্ৰেমৰ কথা অৱগত হয়।

এই কথা অৱগত হোৱাত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছত পত্নী ঘৰৰ পৰা নিৰুদ্দেশ হয়৷ পাঁচদিনৰ মূৰকত পুণৰ নিজ গৃহলৈ উভতি অহাৰ পিছতে নিশা হাৰমিনাৰ মৃতদেহ নিজ বাসগৃহত উদ্ধাৰ হয়।

এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও পোহৰলৈ অহা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সকলো স্পষ্ট হৈ পৰিব। দুই সন্তানৰ মাতৃ গৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ হাতীগড় অঞ্চলত চাঞ্চল্যই বিৰাজ কৰিছে।

আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকৎসালয়লৈ প্ৰেৰণ কৰে যদিও মৃতদেহটো পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।