
মঙলদৈঃ ধৰ্ষণ কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে শনিবাৰে নিশা নলবাৰী জিলাৰ নৱবিবাহিতা বোৱাৰী এগৰাকী ৰহস্যজনক ভাৱে দৰং জিলাৰ দুনীত অৰ্ধ উলংগ আৰু অৰ্ধচেতন অৱস্থাত পথৰ দাঁতিৰ পৰা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নলবাৰী জিলাৰ বালিজানত ঘৰ নৱবিবাহিত বোৱাৰীগৰাকীৰ৷
নিশা প্ৰায় ৯ বজাত অচেতন অৱস্থাত দুনীত পথৰ দাতিত উদ্ধাৰ হয় বোৱাৰীগৰাকী৷ এগৰাকী স্থানীয় লোকে প্ৰত্যক্ষ কৰে বোৱাৰীগৰাকীক৷ উদ্ধাৰৰ সময়ত দেহৰ কাপোৰ ফালি-ছিৰি থোৱা অৱস্থাত আছিল বোৱাৰীগৰাকীৰ৷
বোৱাৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, শনিবাৰে নিজ স্বামীৰ সৈতে তেওঁ নলবাৰীৰ বৰমালৈ আহিছিল৷ তাৰ পাছত দিনৰ প্ৰায় তিনি বাজত তেওঁৰ বাইদেউৰ ৰোগৰ খবৰ লবলৈ যায় স্বামীৰ সৈতে৷ বাইদেউৰ খবৰ লৈ পুনৰ বৰমালৈ আহে৷ সেই সময়ত দিনৰ প্ৰায় ৫ বাজিছিল৷
সেই সময়তে স্বামীয়ে এখন মাৰুতিত উঠাই দি পত্নীক অকলে ঘৰলৈ যাবলৈ দি বজাৰ কৰিম বুলি কয়৷ পত্নীয়ে অকলৈ যাবলৈ ইচ্ছা কৰা নাছিল যদিও মাৰুতি খন স্বামীৰ গাঁৱৰে বুলি কৈ স্বামীয়ে জোৰ কৰি যাবলৈ দিয়ে৷ গাড়ী খন কিছু দুৰ যোৱাৰ পিছতেই গাড়ীৰ ভিতৰত থকা দুজন যুৱকে চুৰী দেখুৱাই ভয় খুৱাই বোৱাৰীগৰাকীক৷
হৈ-হাল্লা নকৰিবলৈ কৈ এখন ৰুমালেৰে হাতত বান্ধে নৱ বিবাহিতা বোৱাৰীগৰাকীক৷ এখন ৰুমাল মুখত লগাই দিয়াৰ পাছত বোৱাৰীগৰাকীয়ে অচেতন হৈ পৰে৷ তেতিয়াৰ পৰা একো গম নোপোৱা বোৱাৰীগাৰকীয়ে যেতিয়া নিশা চেতনা ঘুৰি আহিব ধৰিছিল তেতিয়া মাৰুতিৰ দুৱাৰ খুলি পেলাই থৈ যায়৷
তেওঁৰ সৈতে থকা সোনৰ আ-অলংকাৰ লুটি নিয়ে৷ বোৱাৰীগৰাকীক ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে৷ চিকিৎসকে পৰীক্ষা কৰাৰ পিছতহে এই কথা পোহৰলৈ আহিব৷ নিশা বিপদত পৰি এগৰাকী লোকৰ ভৰিত ধৰি আশ্ৰয় গ্ৰহণ কৰি নিশাটো কটাই ঘৰত সমস্ত কথা অৱগত কৰে৷
এই ঘটনাৰ সৈতে নিজ স্বামী জৰিত বুলি অভিযোগ কৰে বোৱাৰীগৰাকীয়ে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৰাইজে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিওঁ কোনো লোকক এতিয়ালৈ আটক কৰিব পৰা নাই৷