
তিনিচুকীয়াঃ আমি নলবাৰী কোনো কালেই দেখা নাই৷ নামহে শুনিছো৷ নলবাৰীলৈ যাব লাগিলে বহু টকাৰ দৰকাৰ হ’ব৷ আমি কৰ পৰা পাম ইমান টকা৷ আমি দাল দৰিদ্ৰ মানুহ৷ এসাঁজ খোৱাৰ পিছত এসাজৰ বাবে ভাবিব লগা হয়৷ চৰকাৰে আমাক গাড়ী ভাড়া কৰি দিয়ক৷ নহ'লে আমাৰ ইয়াৰ প্ৰশাসনে আমাক নলবাৰীৰ চামতাত যাবলৈ ব্যৱস্থা কৰি দিয়ক৷ এই খন আমাৰে চৰকাৰ৷
এই মন্তব্য অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সমীপৰ খেৰজান গাঁৱৰ দুগৰাকী থলুৱা মহিলাৰ৷ গাঁও খনৰ থলুৱা দৰিদ্ৰ মহিলাৰ এতিয়া পেটলৈ ভাত নোযোৱা হৈছে৷ কোনোগৰাকীয়ে কৈছে আমি এতিয়া বিদেশী হ’ব লাগিব নেকি৷ তেওঁলোকৰ এতিয়া নানাৰ কথা, নানান চিন্তা৷
তেওঁলোকৰ এই চিন্তাৰ কাৰণ হৈছে এনআৰচিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবেহে৷ উজনিৰ অসম-অৰুণাচল সীমান্তৰ পৰা তেওলোকে বংশবৃক্ষৰ পৰক্ষীণ কৰিব নলবাৰী জিলালৈ আহিব লাগিব৷ ইমানলৈ ঠিকেই আছিল৷ কিন্তু জন্মৰ পৰা কোনো কালে পৰিয়ালৰ সম্পৰ্কীয় লোক যে নলবাৰীত আছে সেই কথা অৱগত নহয় দুগৰাকী মহিলাই৷ পৰিয়ালৰ লোকে শ্ৰম নকৰিলে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা পৰিয়াল দুটাৰ চিন্তাত নিদ্ৰাহৰণ গৈছে৷
মহিলা দুগৰাকীয়ে কয়, আমাৰ নলবাৰীত কোনো নাই কিন্তু আমাক এনআৰচিৰ বংশবৃক্ষৰ পৰীক্ষণৰ বাবে নলবাৰী চামতালৈ যাবলৈ পত্ৰ দিছে৷ আমি কেনেকৈ যাম৷ আমাৰ টকাৰ সম্বল নাই৷ লাগিলে এনআৰচিত নাম আহক নতুবা নাহক৷ তাক লৈ আমি চিন্তা নকৰো৷ কিয়নো আমাৰ টকাৰ সম্বল নাই৷
মাত্ৰ কেইটামান পষেকৰ অন্তত সমগ্ৰ অসমতে আঁসোৱাহমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসমবাসীয়ে লাভ কৰিব বুলি চৰ্চা আৰম্ভ হৈছে যদিও তিনিচুকীয়া জিলাৰ কাকপথাৰ সমীপৰ খেৰজান গাঁৱৰ দুটা পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে এনআৰচিৰ বংশবৃক্ষৰ পৰীক্ষণে৷
newsnextone.comৰ সাংবাদিকক গাঁওখনৰ মন্দিৰা মৰাণ, পদীনা মহন্তই জনোৱা মতে, যোৱা ১৫ মাৰ্চত স্থানীয় পঞ্চায়ত কৰ্মীয়ে তেওলোকক দুখন কাগজ দিয়ে৷ কাগজ দুখন আনৰ হতুৱাই চাই তেওলোকক নলবাৰীলৈ মাতি পঠোৱা বুলি অৱগত হয়৷
নাগৰিকত্ব নাগৰিকৰ পঞ্জীয়ন আৰু পৰিচয় পত্ৰ প্ৰদান বিধি ২০০৩ৰ পৰিশিষ্ট ধাৰা ৩(৪)অধীনত সম্পৰ্কৰ যোগসূত্ৰ পৰীক্ষণ সম্বন্ধীয় জাননী পত্ৰত তেওঁলোকে ব্যৱহাৰ কৰা লিগেচী ডাটা কোডৰ সৈত বংশবৃক্ষৰ কোনো সম্বন্ধ নাই বুলি পত্ৰখনত উল্লেখ কৰাৰ লগতে নলবাৰী জিলাৰ চামতাত ইয়াৰ শুনানীৰ স্থান নিৰ্ধাৰণ কৰা কাৰ্যই দৰিদ্ৰ পৰিয়াল দুটা শংকিত হৈ পৰিছে৷
জীৱনৰ আঢ়ৈকুৰি বছৰ পৰা হোৱাৰ পিছত নলবাৰী জিলালৈ গৈ পোৱাতো দূৰৰে কথা কোনো সম্পৰ্কীয় ব্যক্তিও নাই বুলি কয় তেওঁলোকে ৷ এখন অচিন ঠাইত কেনেদৰে শুনানীৰ নিৰ্দেশ আহিল তাক লৈ হৈ চকু কপালত উঠিছে মহিলা দুগৰাকীৰ৷
দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা দুয়োগৰাকী মহিলাই এই প্ৰতিবেদকৰে হোৱা কথা-বতৰাত তিনিচুকীয়াৰ পৰা নলবাৰীলৈ অহা-যোৱা আৰু থকাৰ বাবদ অতি কমেও ৪ হাজাৰ টকাৰ প্ৰয়োজন হ’ব বুলি কৈ চকুলো টুকি সেই টকা কৰ পৰা পাম বুলি প্ৰশ্ন কৰে৷
তদুপৰি একে কোড ব্যৱহাৰ কৰা পৰিয়ালটোৰ বাকীসকলৰ বাদে এগৰাকী ব্যক্তিৰ লিগেচী ডাটা কোড নিমিলাটো কেনেধৰণৰ কথা আৰু ৩১ জানুৱাৰীৰ খচৰাত কেনেদৰে নাম প্ৰকাশ পাইছিল বুলি নাগৰিকপঞ্জীৰ উন্নীত কৰা মূৰব্বীসকলক প্ৰশ্ন কৰে৷ চৰকাৰে ইমান টকা খৰচ কৰি নাগৰিকপঞ্জী তৈয়াৰ কৰিছে অথচ খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কাহানিও সম্পৰ্ক নথকা ঠাইলৈ মাতি নি হাৰাশাস্তি কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে৷
তদুপৰি একে গাৱঁৰে মনোৰমা মৰাণ, পৰেশ মৰাণ, উৎপল মৰাণ, তুলন মৰাণ, বিনয় মৰাণ, জাগ্ৰত মৰাণ, লিলি মৰাণ, মনিকান্ত মৰাণ, শচীন মৰাণ, জাফিল মহন্ত, তৃষ্ণা মহন্তকে ধৰি আৰু বহুতো লোকৰ ডিব্ৰুগড় জিলাত একেদৰে শুনানীৰ দিন ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ নাগৰিকপঞ্জী সংশোধনৰ নামত সাধাৰণ খাটিখোৱা জনসাধাৰণক এনেদৰে হাৰাশাস্তি কৰা কাৰ্যই খেৰজানবাসীয়ে সহজে লব পৰা নাই৷