ধিংঃ বিদ্যুতৰ সঘন লুকা-ভাকুত অতিষ্ঠ ৰাজ্যবাসীয়ে গৰমত থকিব নোৱাৰা হৈছে৷ মানুহে কেনেবাকৈ প্ৰয়োজনীয় কাপোৰখিনিহে পিন্ধি গৰমৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলাইছে৷ তাৰ মাজতে সংঘটিত হৈছে গেলা গৰমতো কম্বলৰ বাবে কাজিয়াত লিপ্ত হোৱাৰ দৰে আজৱ ঘটনা ৷

গেলা গৰমত কম্বল প্ৰয়োজন নাই যদিও প্ৰখৰ ৰ'দত নগাঁও জিলাৰ জাজৰিত কম্বলক লৈ টনা-অাজোৰা কৰা দৃশ্যই বহুতকে আমোদ দিয়ে৷

যিয়ে যেনেকে পাইছে হাতে হাতে কম্বল লৈ উধাও হৈছে জাজৰিত। এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে অাশ্ৰয় লৈছে গছৰ ছাঁত নতুবা কোঠাত ফেনৰ তলত। কিন্তু এই গেলা গৰমতো কম্বলক লৈ টনা অাজোৰা কৰিছে একাংশ মহিলাই। জাজৰিৰ হস্ত তাঁত অাৰু বস্ত্ৰ শিল্পৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বাণ্ডিলে বাণ্ডিলে চৰকাৰী কম্বল লৈ উধাও হৈছে বহু মহিলা।

কাৰ্য়ালয়টোত মজুত থকা কম্বলৰ বাণ্ডিলসমূহ দুৱাৰ ভাঙি টানি অাজুৰি বাহিৰলৈ অানি মহিলাসকলে ভগায় লয়। বাণ্ডিলবোৰৰ পৰা যিয়ে যেনেকৈ পাৰে টানি-অাজুৰি হাতে হাতে কম্বল লৈ ঢাপলি মেলে ঘৰলৈ।

পিছত অাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। জানিব পৰা মতে, কংগ্ৰেছ চৰকাৰৰ দিনতে জাজৰিৰ হস্ত তাঁত অাৰু বস্ত্ৰ শিল্পৰ অধীক্ষকৰ কাৰ্যালয়ত হিতাধিকাৰীৰ বাবে মজুত কৰি ৰাখিছিল বাণ্ডিলে বাণ্ডিলে কম্বল অাৰু সূতা।

কাৰ্যালয়টোৰ পৰাই ৰূপহীহাট সমষ্টিলৈ কংগ্ৰেছ কৰ্মীয়ে নিছিল কেইবা ট্ৰাক কম্বল। বৃহস্পতিবাৰে এই কম্বলখিনি নিবলৈ অাহোতে কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান কৰে স্থানীয় বিজেপি কৰ্মীয়ে। শেষত অাৰক্ষীৰ উপস্থিতিত কেইবা ট্ৰাক কম্বল নিয়ে ৰূপহীহাট সমষ্টিলৈ।

বটদ্ৰৱাৰ এই কাৰ্যালয়টোত মজুত থকা কম্বল ৰূপহীহাটলৈ নিয়া কাৰ্যত ক্ষুণ্ণ হৈ পৰে অঞ্চলটোৰ ৰাইজ, বিশেষকৈ মহিলা সকল। শনিবাৰে কাৰ্যালয়টো খোলাৰ লগে লগে অঞ্চলটোৰ শতাধিক মহিলাই ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি বিষয়া-কৰ্মচাৰী কাৰো কথা নুশুনি কাৰ্যালয়টোৰ দুৱাৰ ভাঙি বাণ্ডিলে-বাণ্ডিলে মজুত থকা কম্বলসমূহ বাহিৰলৈ উলিয়াই আনে৷

উলিয়াই আনিয়ে ক্ষান্ত নাথাকি অনাগত শীতত যাতে অসুবিধাত পৰিবলগীয়া নহয় তাৰ বাবে হাতে হাতে যিয়ে যেনেকৈ পাৰে কম্বল লৈ উধাও হয়। এই গেলা গৰমত এনেদৰে মহিলাসকলে হাতে হাতে কম্বল লৈ উধাও হোৱাৰ দৃশ্যই প্ৰত্যক্ষদৰ্শীসকলক হতবাক কৰি তোলে।