11
Oct
2017

ধিংঃ নগাওঁ জিলাৰ বটদ্ৰৱা সত্ৰ সমবায় সমিতিৰ কাৰ্যালয়ত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সমবায় সমিতিখনত অাজি কাৰ্যনিৰ্বাহক নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা অাছিল যদিও অাইন শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তই নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে।
কিন্তু সমবায়খনৰ একাংশ কৰ্মকতাৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যো-জা চলায়। তাৰ পাছতেই স্থানীয় শতাধিক লোকে কাৰ্যালয়টোত উপস্থিত হৈ নিৰ্বাচন প্ৰক্ৰিয়া বন্ধ ৰখাৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পিছত বটদ্ৰৱা অাৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়া বন্ধ কৰে।