ধিংঃ অস্ত্ৰৰ চহৰত পৰিণত হৈছে নগাঁও জিলা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ বা-বাতৰি প্ৰচাৰ হোৱাৰ মাজতে আপজি পুনৰ নগাঁও জিলাৰ ধিঙৰ টুকটুকীত বৃহৎ পৰিমানৰ  IED উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মঙলবাৰে নিশা তেজপুৰ অাৰু জাগীৰোডৰ পৰা অহা সেনাৰ দলৰ লগত ধিং অাৰক্ষীয়ে অভিযান চলাই ধিঙৰ টুকটুকীৰ অাবু চাদেকৰ ঘৰৰ পৰা এটা বেগৰ ভিতৰত উদ্ধাৰ কৰে ৯ টাকৈ  IEDৰ লগতে এটা বন্দুক, ৬ জাই সজীৱ গুলি অাৰু দুটা মোবাইল হেণ্ডচেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে অাবু চাদেক অাৰু বাবুল অালী নামৰ দুজনক নিশাই ধিং অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধিং থানাত জেৰা অব্যাহত ৰাখিছে।

বিগত সময়ত টুকটুকীৰ এই যুৱক দুজনে বিভিন্ন গাড়ী চুৰি তথা অসামাজিক ঘটনাৰ লগত জড়িত অাছিল বুলি আৰক্ষী আৰু স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷

আনহাতে একেটা অঞ্চলতে বিগত সময়চোৱাত ৫/৬ বাৰকৈ মৰানাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰি আহিছে৷