
নগাঁওঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে যোৱা ২ ডিচেম্বৰত শিলচৰৰ এখন ৰাজহুৱা সভাত হিন্দু সংহতি'ৰ সভাপতি দেৱতনু ভট্টাচাৰ্যই কেতবোৰ সাম্প্ৰদায়ীক মন্তব্য প্ৰকাশ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ প্ৰৰোচনামূলক মন্তব্যই ৰাজ্যত অশান্তি সৃষ্টি হ’ব পাৰে বুলিও বুলিও একাংশ লোকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷
দেৱতনু ভট্টাচাৰ্যই ৰাজহুৱা সভাত মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি ল'বলৈ আৰু যুদ্ধ কৰাৰ বাবে হিন্দু সমাজক আহবান জনাইছিল। এই ধৰণৰ সাম্প্ৰদায়িক আৰু উচটনিমূলক বক্তব্যক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সংগঠনটোৰ নেতাজনৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ কেইবাখনো থানাত গোচৰ দাখিল কৰিছে।
হিন্দু-মুছলমানৰ মাজত হিংসা আৰু বিদ্বেষৰ ভাৱ বিয়পোৱাৰ চেষ্টা চলোৱা হিন্দু সংহতি'ৰ নেতা দেৱতনু ভট্টাচাৰ্যৰ মন্তব্যৰ বিৰোধীতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি জহিৰুল ইছলামে বুধবাৰে এজাহাৰ দাখিল কৰে৷ সাতামপুৰুষীয়া ঐক্য, সংহতি বিনষ্ট কৰিব বিচৰা দেৱতনু ভট্টাচাৰ্যক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA)ৰ অধীনত গ্ৰেপ্তাৰৰ দাবী জনায় বটদ্ৰৱা আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধিৰ ১৫৩(A) ধাৰাৰ অধীনত ২৩৯/১৭ নম্বৰত এটি গোচৰ ৰুজু কৰে।