
বাঘবৰঃ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ বাসগৃহত দেওবাৰে সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে৷ মাৰপিটৰ ঘটনাত আহত হৈছিল এগৰাকী জি এছ আৰ কৰ্মী৷ জি এছ আৰ কৰ্মীগৰাকীয়ে বিধায়কৰ ঘৰত প্ৰহৃত হৈ আহত হোৱাৰ পিছতে বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু এদিন পিছতে ঘটনাই নতুন মোৰ লয়।
আহত জি এছ আৰ কৰ্মী মহিদুল ইছলামৰ বিৰুদ্ধে আজি ৭০নং ধৰ্মপুৰ-ভাতনাপাইতি গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী আছমা খাতুনে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
চৰকাৰী কাম দিয়াৰ প্ৰলোভনেৰে জি এছ আৰ মহিদুল ইছলামে একাংশ লোকৰ পৰা উৎকোচ সংগ্ৰহ আৰু নিজৰ কৰ্তব্য পালন নকৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে সভানেত্ৰীগৰাকীয়ে।
সমগ্র ঘটনাক লৈ বাঘবৰত ৰাজনীতিৰ শীতল যুদ্ধ আৰম্ভ হোৱাৰ সময়তে মন্দিয়া খণ্ড উন্নয়ন বিষয়াই বিধায়কগৰাকীয়ে আইন হাতত তুলি লোৱাটো অযুক্তিকৰ বুলি মন্তব্য কৰে।
বিধায়কৰ বাসভৱনত দেওবাৰে খোদ বিধায়ক শ্বেৰমানে পঞ্চায়তৰ কৰ্মীক তলৱ কৰাৰ লগতে মাৰধৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল। এই অভিযোগক ভিত্তিহীন আখ্যা দি বিধায়ক শ্বেৰমান আলীৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ বিৰোধীৰ একাংশ লোকে ষড়যন্ত্ৰ কৰা বুলি বাঘবৰৰ কংগ্ৰেছ কৰ্মীসকলে দাবী কৰিছে।