
ডিব্ৰুগড়ঃ চিলাপথাৰ কাণ্ডৰ পাছত ৰাজ্যজুৰি দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থলুৱাক আক্ৰমণ নকৰিবলৈ অনা-অসমীয়াক শেষ বাৰৰ বাবে ৰাজ্যৰ দল-সংগঠনে সকীয়াই দিছিল৷ সেই সকিয়নীক গুৰুত্ব আৰোপ নকৰি পুনৰ নগাঁৱৰ নেহৰুৱালিত অনা-অসমীয়া ব্যৱসায়ীয়ে বান সাহায্য বিচাৰি যোৱা অসমীয়া যুৱকক হত্যাৰ চেষ্টা চলায়।
বাৰে বাৰে অসমীয়াৰ স্বাভিমানত আঘাত হনা কাৰ্যক সহজে লব পৰা নাই ৰাজ্যৰ দল-সংগঠনে৷ প্ৰাক্তন আলফাৰ লগতে ৰাজ্যৰ জাতীয় দল-সংগঠনে নগাঁও কাণ্ডৰ বিৰুদ্ধে ৰাজ পথ কপাই আকৌ এবাৰ সকীয়াই দি স্ব-জাতিক ৰক্ষাৰ বাবে লাগিলে হিংস্ৰ আন্দোলন তথা অস্ত্ৰ হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে৷
নগাঁও কাণ্ডৰ পাছত প্ৰাক্তন আলফা নেতা জীতেন দত্তই ৰাজ্যত কেইবাখনো প্ৰতিবাদী সভাত অংশ লৈ উদাত্ত ভাষণ প্ৰদান কৰি বাৰে বাৰে অসমীয়া জাতিক আক্ৰমণ কৰি থাকিলে হাত সাৱটি বহি নাথাকো বুলি কয়৷ শেহতীয়াকৈ এটি সংগঠনে জীতেন দত্তৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি গোচৰ ৰুজু কৰে৷
গোচৰ ৰুজু কৰাৰ পাছৰে পৰা ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বক্তব্যৰ পাছত ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত হৈছে যদিও ক'তো কোনো সাম্প্ৰদায়িক ঘটনা ঘটা নাই বুলি মন্তব্য প্ৰকাশ কৰে অসম সুৰক্ষা সেনা কেন্দ্ৰীয় সম্পাদক দৰ্শপ্ৰান মান্য হাজৰিকাই।
অসমৰ শান্তি সম্প্ৰীতি অটুট থকাৰ স্বাৰ্থত আৰু সাম্প্ৰাদায়িক সংঘৰ্ষ নহবৰ বাবে জিতেন দত্তৰ বিৰুদ্ধে তৰা গোচৰ প্ৰশাসনক উঠাই লবলৈ আহ্বান জনাই হাজৰিকাই। জানিব পৰা মতে, কৰিমগঞ্জ অাৰু যোৰহাটৰ দেৰগাঁৱত জীতেন দত্তৰ বিৰুদ্ধে সাম্প্ৰাদায়িক মন্তব্য দিয়া বুলি দুজন লোকে পৃথকে পৃথকে গোচৰ তৰে ৷
আনহাতে কেইবাটাও সংগঠনে জীতেন দত্তই সমগ্ৰ অসমত প্ৰতিবাদী সভাত অংশ লৈছে যদিও কোনো এখন সভাত সাম্প্ৰাদায়িক মন্তব্য কৰা নাছিল বুলি কয়৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই প্ৰাক্তন অালফা তথা জাতীয়তাবাদী নেতা জীতেন দওই ৰাজনৈতিক ষড়যন্তৰ বলি হোৱা বুলি কয়৷
বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰন্দ্ৰে মোদীৰ লগলাগি অসমৰ জাতীয়তাবাদী ধ্বংস কৰিব বিছৰা বুলিও কয় উজনি অসমৰ আগশাৰীৰ জনগোষ্ঠীয় সংগঠন মটক যুৱ ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই৷