বঢ়মপুৰঃ চামগুৰিৰ খাতোৱাল পঞ্চায়তত IAY আঁচনিৰ বৃহৎ দুৰ্নীতিৰ তথ্য উদঙালে খণ্ড উন্নয়ন বিষয়াই৷ খাতোৱাল পঞ্চায়তৰ সভানেত্ৰী আৰু পঞ্চায়তৰ কেইবাগৰাকী সদস্যই মিলি চৰকাৰী IAY আঁচনিৰ দৰিদ্ৰ লোকৰ বাবে আৱন্টিত গৃহৰ ধন হৰপ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

এই অভিযোগ উত্থাপন কৰিছে বাজিয়াগাঁও খণ্ড উন্নয়ন বিষয়া হিৰণ্য চমুৱাই৷ হিৰণ্য চমুৱাৰ মতে বাজিয়াগাঁও খণ্ড উন্নয়ন অধীনৰ খাতোৱাল পঞ্চায়তৰ পঞ্চায়ত সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে ২০১৫ -১৬ বৰ্ষত ভূৱা হিতাধিকাৰিৰ নামত IAY গৃহৰ বৃহত পৰিমানৰ ধনৰ কেলেংকাৰী সংঘটিত কৰিছে।

ইতিমধ্যে এই সন্দৰ্ভত বাজিয়াগাঁৱ খণ্ড উন্নয়ন বিষয়া হিৰণ্য চমুৱাই খাতোৱাল আৰক্ষী থানাত আজি এক গোচৰ তৰে।