লংকাঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰৰ অগোচৰে আজিও প্ৰায় প্ৰতিটো ক্ষেত্ৰতে সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি। খোদ শাসকীয় চৰকাৰৰ বিধায়কে বিধান সভাৰ মজিয়াত উপায়ুক্ত কাৰ্যালয়ত বিধায়ক পুঁজি মোকলাবলৈ ভেটি দিব লাগে বুলি প্ৰকাশ কৰিব লগা হৈছে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দুৰ্নীতি শূন্য কৰাৰ প্ৰয়াসত পানী ঢালিছে একাংশ বিষয়া-কৰ্মচাৰীয়ে তথা পঞ্চায়ত প্ৰতিনিধিয়ে৷

চৰকাৰৰ দুৰ্নীতি নিৰ্মূলৰ পদক্ষেপক বুঢা আঙুলি দেখুৱাই একাংশ বিষয়া-কৰ্মচাৰীয়ে চলাই গৈছে ব্যাপক লুন্ঠনৰাজ৷ হোজাই জিলাৰ লংকাৰ উদালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত উদালী গাঁও পঞ্চায়তত লাখ লাক টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

পঞ্চায়তটোত চলি থকা লুন্ঠনৰাজৰ বিৰুদ্ধে আইনৰ কাষ চাপে ৰাইজে৷ পঞ্চায়তটোৰ অধীনৰ উদালী আদৰ্শ চিকিৎসালয়ৰ চৌহদ উন্নয়নৰ বাবে ২০১৫-১৬ বৰ্ষত এম জি এন এ ৰে গা আঁচনিৰ অধীনত ১১,২০,৩৯২ টকা মুকলি কৰি দিয়ে৷ পঞ্চায়তটোৰ সভানেত্ৰী আৰু অন্যান্য চৰকাৰী বিষয়াই মিলি ১১,২০,৩৯২ টকা লুটি-পুতি খোৱা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷

মাত্ৰ ৪০-৫০ হাজাৰ টকা খৰচ কৰি কেই গাড়ীমান মাটি পেলাই দায়িত্ব সামৰে পঞ্চায়ত সচিব তথা উদালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে৷ ইতিমধ্যে পঞ্চায়তৰ বিভিন্ন দুৰ্নীতি সন্দৰ্ভত স্থানীয় সমাজকৰ্মী সত্যৰঞ্জন ঘোষে লংকা আৰক্ষী চকীত যোৱা ৪ ছেপ্তেম্বৰত উদালী গাঁও পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগম, সভানেত্ৰীৰ স্বামী তৈবুৰ ৰহমান আৰু সচিব মোজাম্মিল হকৰ বিৰুদ্ধে ৫৬৯/১৭-৪২০/৪০৬/৪০৯/৩৪ ধাৰাত গোচৰ ৰুজু কৰে।

এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে উদালী আৰক্ষীৰ লগতে বিভাগীয় তদন্তকাৰী দল এটিয়ে উদালী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰে। আৰক্ষী আৰু বিভাগীয় লোকে তদন্ত কৰি থকাৰ সময়তে স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উদালী আৰক্ষীয়ে তদন্তকাৰী বিষয়াই প্ৰস্তুত কৰা প্ৰতিবেদন লাভ কৰাৰ পিছত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে।