
newsnextone.com | নগাঁওঃ নাৰীয়ে নাৰীৰ শত্ৰু বুলি কোৱা কথাষাৰক পুনৰাই প্ৰমাণ কৰি এগৰাকী মহিলাই এগৰাকী বিধায়িকাক বেশ্যাৰ সৈতে তুলনা কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ প্ৰিয়ংকা কলিতা নামৰ ফেচবুক একাউণ্টৰ পৰা অশ্লীল মন্তব্য প্ৰকাশ কৰাত সভ্য সমাজৰ বাবে এনে কাৰ্য উচিত নহয় বুলি কয় একাংশ লোকে৷
জানিব পৰা মতে, বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অত্যন্ত অশ্লীল আৰু আপত্তি জনক পোষ্ট কৰে প্ৰিয়ংকা কলিতা নামৰ ফেচবুক একাউণ্টক পৰা৷ জানিব পৰা মতে, প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকী তিনিচুকীয়া জিলাৰ। মহিলাই কৰা মন্তব্য কোনো কাৰণত প্ৰকাশ কৰিব নোৱাৰি৷ সকলো সীমা অতিক্ৰম কৰে মহিলাগৰাকীয়ে৷
বিধায়িকাগৰাকীৰ বিষয়ে ফেচবুকত অত্যন্ত অশ্লীল মন্তব্য প্ৰকাশ কৰাত মহিলাগৰাকীৰ বিৰুদ্ধে দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাত বটদ্ৰৱা সমষ্টিৰ চকলাঘাটৰ লোকেন্দ্ৰ কুমাৰ নাথ নামৰ লোকএজনে এজাহাৰ দাখিল কৰে।
লোকজনে প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত গোচৰ ৰুজু কৰি তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আবেদন জনায় আৰক্ষীক। একালৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্তমানৰ ৰাজ্যৰ এটা ঐতিহ্যমণ্ডিত বিধান সভা সমষ্টিৰ বিধায়িকাগৰাকীক অযথা অত্যন্ত অশ্লীল-সন্মান লাঘৱ হোৱা মন্তব্য প্ৰকাশ কৰা প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ বটদ্ৰৱাৰ সচেতন নাগৰিকে দাবী জনায়।