ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী চৰকাৰৰ বিফল প্ৰমাণিত কৰিবলৈ মুখত যি আহে কোৱাসকলক ৰঙাঘৰৰ ভাত খুৱাবলৈ প্ৰস্তুত পশ্চিমবংগ চৰকাৰ। ৰাজ্যসভাৰ সাংসদ ৰূপা গাংগুলীয়ে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত একপ্ৰকাৰ অত্যুক্তি কৰি ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগ তুলি এগৰাকী মহিলাই এই এজাহাৰ দাখিল কৰিছে। 

সাংসদ ৰূপাই চেনেল এটাৰ সাক্ষাৎকাৰত কৈছিল যে মমতা বেনাৰ্জীৰ আশীষধন্য নহ’লে ৰাজ্যখনত কোনো মহিলাই ১৫ দিনতকৈ বেছি সময় ধৰ্ষণৰ বলি নোহোৱাকৈ বাচি আহিব নোৱাৰে। নতুন দিল্লীত হোৱা সাক্ষাৎকাৰত এই কথা প্ৰমাণ চাবলৈ আনকি সকলো ৰাজনৈতিক দলকে প্ৰত্যাহ্বানো জনায় গাংগুলীয়ে। 

গাংগুলীৰ উক্তিক একপ্ৰকাৰ ভাবুকি বুলি অনুভৱ কৰি আতংকিত হোৱা বুলি অভিযোগকাৰীয়ে অনুভৱ কৰে। লগে লগে নিমতা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে অভিযোগকাৰীয়ে।