গুৱাহাটীঃ শ্বেখ মাদানী, শিলাদিত্য দেৱৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত এখন সভাত "হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল'ব লাগে" বুলি এক সাম্প্ৰদায়িক মন্তৱ্য দিয়ে। যিটো সময়ত এনআৰচিৰ খচৰা প্ৰকাশ হোৱাৰ সময় প্ৰায় নিশ্চিত হৈছে।

এই খচৰা তালিকা প্ৰকাশ হোৱাৰ পিচৰ পৰিস্থিতি চম্ভালিবৰ বাবে অসমৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত মোটায়েন কৰিবলৈ ৰাজ্যচৰকাৰে ৫০টাকৈ অৰ্ধ সামৰিক বাহিনীৰ বেটেলিয়ানক মাতি আনিছে।

যি সময়ত অসমৰ সকলো ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে অসমৰ সমুহ ৰাইজলৈ শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনাইছে, ঠিক এনেকুৱা সময়ত হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যৰ এই বিস্ফোৰক মন্তৱ্যই ৰাজ্যখনৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলি বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰিছে।

দেৱতানু ভট্টাচাৰ্য্যৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে হাতিগাওঁ থানাত দেওবাৰে এটা গোচৰ ৰূজু কৰা কৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে৷ উল্লেখযোগ্য যে অখিল গগৈক সাধাৰণ কথা এটাতে NSA লগোৱা অসম চৰকাৰৰ গৃহ বিভাগে এই ক্ষেত্রত কি পদক্ষেপ লয় সেইতো লক্ষ্যণীয় হ'ব।