• অসম সাহিত্য সভাৰ ৰহা অধিবেশনত বিশেষ সংযোজন আটচবাজী প্ৰদৰ্শন
  • সাহিত্যপ্ৰেমীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া 

জোঙাল বলহু সমন্বয় ক্ষেত্ৰঃ  আৰম্ভনিৰ দিনটোৰ পৰাই বিভিন্ন খেলিমেলি আৰু অঘটনৰ মাজেৰে নগাঁও জিলাৰ ৰহাৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ বিশেষ অধিবেশনত দ্বিতীয় দিনাৰ সন্ধিয়া ৰূপায়ণ কৰা আটচবাজী প্ৰদৰ্শনক লৈ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি এই কাৰ্যসূচীক লৈ তীব্ৰ বিষোদকাৰ প্ৰকাশ কৰিছে কেইবাজনো সাহিত্যক্ষেত্ৰ লগত জড়িত বিশিষ্ট ব্যক্তিয়ে ৷ 

উল্লেখ্য যে,কালি সন্ধিয়া আয়োজক সমিতিয়ে সকলোকে চমকিত কৰি প্ৰদৰ্শন কৰে আটচবাজি ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ’ল আটচবাজি প্ৰদৰ্শনৰ সময়ত অধিবেশনস্থলীত চলি আছিল এক কবিতা পাঠৰ অনুষ্ঠান ৷ ফলত স্বাভাবিকতেই নিমিষতে উদ্ভৱ হয় এক অনাহুত পৰিবেশ ৷ কিয়নো আটচবাজিৰ কোলাহলে কবিতা পাঠ কৰা কবি তথা উপস্থিত কাব্য ৰসিকসকলক অনুষ্ঠান উপভোগ কৰাত ব্যাঘাট জন্মে ৷ আনকি আটচবাজিৰ বিকট শব্দৰ বাবেই বহু সময়ৰ বাবে কবিতা পাঠৰ অনুষ্ঠানটো বন্ধ ৰাখিবলগীয়া হয় ৷ 

জানিব পৰা মতে সেইসময়ত ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি-সাহিত্যিক ইছমাইল হুছেইনে কবিতা পাঠ কৰি আছিল ৷ পিছত এই সন্দৰ্ভত সাহিত্যিক গৰাকীয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে এনে কাৰ্যই কাব্যানুৰাগীক একপ্ৰকাৰে অপমান কৰা বুলি অনুভৱ কৰে ৷ তদুপৰি আন এগৰাকী বিশিষ্ট কবি তথা সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে অসম সাহিত্য সভাৰ অধিবেশনত আটচবাজি ফুটাই কাব্যানুৰাগীক অসুবিধাৰ সন্মুখীন কৰোৱাটো আচলতে বিজতৰীয়া সংস্কৃতি বুলি উল্লেখ কৰি এনে কাৰ্যসূচীৰ দ্বাৰা শব্দ প্ৰদুষনেৰে সাহিত্য ক্ষেত্ৰৰ কি উন্নতি কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ৷ 

ইফালে, একাংশ সচেতন ব্যক্তিয়ে একে কাৰ্যসূচী অসম সাহিত্য সভাৰ অধিবেশনত ৰূপায়িত কৰি প্ৰকৃততে পৰমানন্দ ৰাজবংশী বাহিনীয়ে কাৰ জন্মদিন বা বিবাহ অনুষ্ঠানৰ পৰিবেশৰ সূচনা কৰিছে বুলি তীৰ্যক মন্তব্য আগবঢ়াইছে ৷ আনকি এচামে আকৌ কুঁহি আৰু ৰামধেনুৰ পিছত অসম সাহিত্য সভাৰ এয়া এক নৱ সংযোজন বুলিহে অভিহীত কৰিছে ৷  যি কি নহওঁক আটচবাজিৰ দৰে শব্দ প্ৰদৰ্শনেৰে কবিতা পাঠৰ অনুষ্ঠানত ব্যাঘাট জন্মোৱা এই বিষয়টো সম্প্ৰতি বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷