17
Feb
2017

চাবুৱাঃ ডিকম আৰক্ষী চকীৰ অৰ্ন্তগত নাদুৱা চাইডিং তিনিআলিত শুকুৰবাৰে এক অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত এখন দোকান সম্পূৰ্ণৰূপে জাহ য়ায়। অৱশ্যে ডিকম আৰক্ষীৰ তৎপৰতাত সমীপৱৰ্তী আন দোকানসমূহ ৰক্ষা পৰে ৷
জানিব পৰামতে ভষ্মীভূত দোকানখনত লক্ষাধিক মূল্যৰ সা-সামগ্ৰী সামগ্ৰী আছিল ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হয়৷
ঘটনা সংঘটিত হোৱাৰ লগে লগে ডিকম আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ততালিকে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনী ততালিক ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।