18
Jan
2019

তেজপুৰঃ তেজপুৰত পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড । তেজপুৰৰ চ’ক বজাৰৰ নাথ ক্লথ স্টোৰত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
এই জুইত ভস্মীভূত হয় প্ৰায় ২৫ খনতকৈ অধিক দোকান। অগ্নিকাণ্ডত জাঁহ যোৱা অধিকাংশ দোকানেই আছিল কাপোৰৰ দোকান৷ চ'ক বজাৰৰ ওপৰ মহলাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড৷
পিচত তেজপুৰৰ লগতে ৰঙাপৰা, ঢেকীয়াজুলি আৰু বায়ুসেনা বাহিনীৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই৷ নিশা প্ৰায় ২ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে৷ অগ্নিকাণ্ডত কেবা কোটি টকাৰ সামগ্ৰী ভস্মীভূত হয়৷