14
Jun
2017

ডিজিটেল ডেস্কঃ আজি পুৱাৰ ভাগত লণ্ডনৰ ২৭ টা মহলাৰ এটা বৃহৎ অট্টালিকাত জুই লগাৰ ফলত অট্টালিকাটোত থকা ভালেমান পৰিয়াল আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে।
হোৱাইট চিটি জিলাৰ লেটিমাৰ ৰোডস্থিত গ্ৰেনফেল টাৱাৰত এই জুই দ্বিতীয় মহলাৰপৰা একেবাৰে ওপৰ মহলা পৰ্যন্ত বিয়পি পৰিছে বুলি লণ্ডন অগ্নিনিৰ্বাপক বাহিনীয়ে জানিবলৈ দিছে।
আকাশ লংঘী লেলিহান শিখাই আগুৰি ধৰা অট্টালিকাটোত অগ্নিনিৰ্বাপক বাহিনীৰ দুই শতাধিক কৰ্মীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। ৪০ খনৰো অধিক অগ্নি নিৰ্বাপক গাড়ী তাৰ বাবে নিযুক্ত কৰা হৈছে।