ৰঙিয়াঃ দেৱালীৰ পাছতে বিধ্বংসী অগ্নিকাণ্ডই এইবাৰ চানি ধৰিছে ৰঙিয়াৰ সাপ্তাহিক বজাৰ৷ দেৱালীৰ ফটকাৰ ফিৰিঙতিৰ পৰা জুই জ্বলি আজি ৰঙিয়া সাপ্তাহিক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়৷

অগ্নিকাণ্ডটোৰ ফলত আফজাল আলী নামৰ বজাৰৰ এগৰাকী তুলা ব্যৱসায়ীৰ অৰ্ধ লক্ষাধিক টকা জাহ যোৱাৰ বাতৰি পোৱা গৈছে৷ পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়৷