12
Dec
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ব্যস্ত ফাচি বজাৰৰ এটি আট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাত অঞ্চলটোত হাহাকাৰ লাগে৷
পুৱা প্ৰায় ৮.৩৫ বজাত আট্টালিকটোৰ একেবাৰে ওপৰ মহলাৰ পৰা কলা ধোৱা ওলাবলৈ আৰম্ভ কৰে৷ তাৰ পিছতে হৈ চৈ লাগে এলেকাটোত৷
ফাচি বজাৰৰ এছ এছ ৰোডত উনফাৰ মাৰ্কেটক সংঘটিত হয় এই অগ্নিকাণ্ড৷ লগে লগে আৰক্ষীয়ে অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ অগ্নি নিৰ্বাপক বাহিনীক দিয়াত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহে যদিও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই৷