ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বালিসত্ৰত আজি এক অগ্নিকাণ্ড সংঘটিত হৈ ৭ টাকৈ গৰুৰ মৃত্যু হয়৷ ৰঙিয়া বালিসত্ৰৰ খলিহামাৰী গাঁৱৰ দেৱেন কলিতাৰ এটি ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাত গাঁওখনত হুৱা-দুৱা লাগে।

ততাতৈয়াকৈ গাঁওখনৰ লোকসকল আহি দাউ-দাউকৈ উঠা জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ ফলত এটি ঘৰ সম্পূৰ্ণ জুইত জাহ যোৱাৰ লগতে সাতটাকৈ পশুধনৰ মৃত্যু হয়।

গোহালীত নিশা মহ-দাহ খেদিবৰ বাবে দিয়া ধোৱাৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।