
ৰঙিয়াঃ পুৱতি নিশা ৰঙিয়া চহৰত লাগিল হুৱাদুৱা৷ ফটকা ফুটাৰ শব্দ শুনি ৰাইজ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অগ্নিকাণ্ড৷ যিয়ে যেনেকৈ পাৰে ওলাই আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ভয়াবহ অগ্নিকাণ্ডত জাহ গ’ল ১৬ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান৷ ৰঙিয়া চহৰৰ ষ্টেছন ৰোডত বৃহস্পতিবাৰে পুৱা ভয়াবহ অগ্নিকাণ্ড সংঘটিত হ।
যাৰ ফলত মুঠ ১৬ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৪ বজাত স্থানীয় ব্যৱসায়ী সকলে ফটকা ফুটাৰ দৰে শব্দ শুনে৷ ততাতৈয়াকৈ বাহিৰলৈ ওলাই দেধে প্ৰকাণ্ড অগ্নিকাণ্ড৷ লগে লগে অগ্নিনিৰ্বাক বাহিনীক খবৰ দিয়ে। কিছু সময়ৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি প্ৰায় দুঘন্টা সময় ধৰি জুই নুমাবলৈ চেষ্টা কৰে যদিও ব্যৱসায় প্ৰতিষ্ঠান সমূহ সম্পূৰ্ণৰূপে জ্বলি চাই হয়৷
ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে অগ্নিকাণ্ডটোৰ ফলত কেইবাটাও গুডামৰ লগতে এখন ষ্টেচনাৰী, এখন চেণ্ডেলৰ, এখন ইলেক্টিকেলৰ দোকান, এখন প্লাস্তিকৰ সমগ্ৰীৰ দোকান, এখন সুলভ মূল্যৰ দোকান, এখন গেলামালৰ দোকানৰ লগতে এখন মচলাৰ দোকান সহঃ মূঠ ১৬ খন দোকান জুইত জাহ যায়৷ বিদ্যুতৰ শ্বট-চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে৷ প্ৰায় ৫০ লাখ টকাৰ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে৷