
newsnextone.com | ডিজিটেল ডেস্কঃ শাসনাধিষ্ঠিত বিজেপি সোণোৱাল চৰকাৰখনে বিগত বৰ্ষৰ দৰে এই বছৰ অসমবাসীক প্ৰলংয়ংকাৰী বাণে জুৰুলা নকৰে বুলি আশ্বাস দিছিল৷ জলসম্পদ মন্ত্ৰী কেশব মহন্তইও বানে যাতে নৈপৰীয়া ৰাইজৰ ভেটি উচন কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ সকলোবোৰ চিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা বলি ফিতাহি মাৰিলেও শেষত সকলো ফুটুকাৰ ফেন হৈ পৰা পৰিলক্ষিত হৈছে৷
ভৰ বাৰিষা আহি চোতাল নগৰকাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে নৈ পৰীয়া ৰাইজৰ বুকুৰ পৰা চৰকাখনৰ প্ৰতি থকা বিশ্বাসৰ আঁচলখন খহাবলৈ উদ্যত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাখ লাখ টকা খৰছ কৰি চৰকাৰে বান্ধি দিয়া মথাউৰি চিঙি বাৰিষাৰ প্ৰথমটো পানীৰ সোততে বুৰ গৈছে কেইবাখনো গাঁও৷ মাত্ৰ দুটা দিনৰ বৰষুমৰ পিছত নৈৰ বাঢ়নী পানীয়ে ঠায়ে ঠায়ে সন্ত্ৰাস সৃষ্টি কৰাত ৰাইজে দিক হেৰুৱাইছে৷
ভৰ বাৰিষাৰ দুৰ্যোগৰ আংশকাত নৈ পৰীয়া ৰাইজে টঙালিখন কঁকালত টানকৈ বান্ধি ল’ব নৌপাওঁতেই বাৰিয়াই কঁকাল বেঁকা কৰিছে কাৰ্বি পাহাৰৰ হাওৰাঘটবাসীক৷ মিস্ত্ৰীবালী গাঁৱত নৈৰ বাঢ়নী পানীয়ে নৱ নিৰ্মিত মথাউৰি চিঙি নিয়াৰ ফলত হাওৰাঘাটৰ ঘোগৰানলাৰ গড়কপ্তানী পথটো সম্পূৰ্ণৰূপে বুৰ যায়৷ তদুপৰি বানে ১নং ৱাৰ্ড, ৪নং ৱাৰ্ড, মাটিখোলা, পণ্ডিতঘাট, মিস্ত্ৰীবালি, যমুনাগাঁও, গৰখীয়া পুখুৰী, দুৰ্গাপুৰ, বৰবিল, বেলগুৰি, ঘোগৰানলা সহ কেইবাখনো গাঁও প্লাৱিত কৰি কৃষি ভূমিৰ বিস্তৰ ক্ষতিসাধন কৰে৷
ইফালে, নুমলীগড়তো কালিয়নী আৰু ৰাংচালি নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ বানে তলগাঁও, লৱনঘাট, ৰংবং আদি অঞ্চল প্লাবিত কৰাত শ শ পৰিয়ালে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে৷
আনহাতে, কৰিমগঞ্জতো বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰা বুলি জানিব পৰা গৈছে৷ ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে নৈৰ বাঢ়নী পানীৰ স্ৰোত বোৱাত অসম-ত্ৰিপুৰাৰ মাজৰ যোগাযোগ ব্যৱস্থা ব্যহত হৈ পৰে৷
আনফালে হঠাৎ ফেনে ফুটুকাৰে বাঢ়ি অহা কালাচান্দ নৈৰ কোবাল সোতত মাইবঙৰ লালটিঙৰ সিনকিৰিত ৫খন ডাম্পাৰ উটি যায়৷ লগতে ডাম্পাৰ কেইখনৰ চালক আৰু হেন্দিমেন হস ৭ জন ব্যক্তিও সন্ধানহীন হৈ পৰে৷ ডাম্পাৰ কেইখনৰ লগতে লোককেইজনো উটি যোৱা বুল স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷