22
Sep
2017

গৌৰীসাগৰঃ পঞ্চায়ত নিৰ্বাচনলৈ বিজেপিৰ ৰণশিঙা৷ সমগ্ৰ অসমতে এতিয়া সভা সমিতি পাতি ফুৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে৷ আজি গৌৰীসাগৰ চেন্ট্ৰল পাব্লিক হলত শিৱসাগৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভবেন্দ্রনাথ মোহন আৰু জিলা মজদুৰ মৰ্চাৰ সভাপতি বকুল দেৰ বন্তি প্রজ্বলনেৰে আৰম্ভ হয় বিজেপি মজদুৰ মৰ্চাৰ প্রথম খন বৈঠক৷ বৈঠকখনত উপস্থিত আছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাচা আৰু ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্যা বিনীতা শইকীয়া দে’ৰ লগতে বহুতো গণ্য মান্য বিষয়ববীয়া৷
মজদুৰ মালি ভাই ভাই, হিচাব লাগিব পাই পাই- এই বিশেষ শ্ল’গানেৰে মজদুৰ সকলৰ সৰ্বাংগীন উন্নয়ণৰ কাৰণে আজিৰ এই সভাত গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সাংসদ কামাখ্যা প্রসাদ তাচাই ধনী-দুখীয়াৰ মাজত কোনো প্রভেদ নাৰাখি মজদুৰ সকলকো সম অধিকাৰ দি সকলো প্রকাৰে কল্যাণ সাধন কৰিবলৈ সমিতিৰ সদস্য সকলক আহ্বান জনায়৷ লগতে পঞ্চায়তৰ ভিত্তিত মূল্যাংকণ কৰি তেওঁলোকক সকলো প্রকাৰে চৰকাৰী সুবিধা কৰি দিবৰ বাবে কয়৷ মজদুৰ সুৰক্ষা আইনৰ সফল ৰূপায়ণৰ ক্ষেত্রত চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথাও উল্লেখ কৰে সাংসদ তাচাই৷