
কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডৰ সপোনক বাস্তবায়িত কৰিবলৈ হাতত মাৰাণাস্ত্ৰ লৈ দিহিঙে-দিপাঙে, অটব্য অৰণ্যৰে ঘূৰি ফুৰা এনডিএফবিৰ ৰঞ্জনপন্থী গোট মূল সূঁতিলৈ ঘূৰি অহাৰ পিছত কেডাৰসকল ক্ৰমান্বয়ে বিপিএফ ৰাজনৈতিক দলৰ ফালে ধাৱমান হৈছে।
যোৱা ৮ আগষ্টত এনডিএফবি ৰঞ্জন পন্থী গোটৰ ৯ গৰাকীকৈ কেডাৰে বিপিএফ দলত যোগদান কৰাৰ পিছত আজি পুনৰাই ৫ গৰাকী এনডিএফবিৰ ৰঞ্জনপন্থী গোটৰ কেডাৰে বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। তেওঁলোক হ'ল ক্ৰমে হিতুন নাৰ্জাৰী (কোকৰাঝাৰ), নেৰছন নাৰ্জাৰী (কোকৰাঝাৰ), ৰীপক নাৰ্জাৰী(চিৰাং), অভিমুন্ন বড়ো(কোকৰাঝাৰ) আৰু গৌমজৈৰ নাৰ্জাৰী (কোকৰাঝাৰ)৷
এনডিএফবি ৰঞ্জনপন্থী গোটৰ কেডাৰ বিপিএফ দলত যোগদান কৰা উপলক্ষে আজি কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত অনুষ্ঠিত হোৱা এক সভাত এনডিএফবিৰ ৰঞ্জন গোটৰ সদস্য সকলক আৰনাইৰে দললৈ আদৰণি জনায় বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী, ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীয়ে৷
ইয়াৰ পিছতে প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ অধ্যক্ষ জনমোহন মুছাহাৰীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ৩১ বছৰধৰি আমি সাপ আৰু নেউলৰ দৰে খেল খেলি আহিলো ৷কিন্তু সম্প্ৰতি সময়ে আমাক মাতিছে বাবেই আমি একত্ৰিত হৈ একেলগে কাম কৰিবলৈ আগবাঢ়িছো বুলি মুছাহাৰীয়ে মন্তব্য কৰে৷
তেওঁ এনডিএফবি সংবিজিতপন্থী, আলফা আৰু কেএলঅকো মূলসুতিলৈ আহি আলোচনাৰ মাধ্যমৰে সমস্যা সমূহ সমাধান কৰিবলৈ আহ্বান জনাইছে ৷ আনহাতে উক্ত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্ময়ো বিপিএফ দলত যোগদান কৰা ৰঞ্জনপন্থীৰ ৫ গৰাকী সদস্যক আদৰণি জনাই এয়া এক ভাল পদক্ষেপ বুলি মন্তব্য কৰিছে ৷ নেতাদ্বয়ে হিংসাৰে নহয় বৰঞ্চ গণতান্ত্ৰিক পদ্ধতিৰে কাম কৰিলেহে সমস্যা সমাধানত সম্ভৱ হয় বুলিও মত ব্যক্ত কৰিছে।