বিজনীঃ ৰাজ্যত অবাধ হাৰত অব্যাহত আছে বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা। যোৱা নিশা চিৰাং জিলাৰ বিজনীৰ বনাঞ্চলৰ পৰা উদ্ধাৰ হোৱা বন্য জীৱ-জন্তুৰ বৃহৎ পৰিমাণৰ অংগ-প্ৰত্যংগই পুনৰ এই ভয়াৱহ ছবিখন পোহৰলৈ আনিছে।

জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলৰ পাণবাৰী থানাৰ অন্তৰ্গত সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপবৰ্তী নতুন মাটিৰ দাউৰাইবাৰীত আজি পুৱা বনবিভাগে বৃহৎ পৰিমানৰ বাঘৰ হাড়ৰ লগতে এটা ৰয়েল বেংগল বাঘৰ ছাল উদ্ধাৰ কৰে।

জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ পাণবাৰী বীট কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে কালি ওৰেটো  নিশা উদ্যানখনৰ কাষৰ দাউৰাইবাৰী আৰু দৈমুগুৰীগাঁৱত অভিযান চলায়।

অভিযানকাৰী দলটোৱে আজি পুৱা ৭ বজাত দাউৰাইবাৰী গাঁৱৰ পৰা  ৰয়েল বেংগল বাঘৰ ১১ ফুট ৭ ইঞ্চি দৈৰ্ঘ্যৰ এখন ছাল,  ১৫৭ টুকুৰা বাঘৰ হাড় , এটা হস্তনিৰ্মিত বন্দুক আৰু এটা বেৰেল উদ্ধাৰ কৰাৰ লগতে ৫ জনকৈ চোৰাং চিকাৰীক আটক কৰে।

ধৃত চিকাৰী কেইজনক সঞ্জীৱ বসুমতাৰী, ৰঞ্জন দৈমাৰী, সুনীল বড়ো, বাদু বড়ো আৰু বনাৰু বড়ো বুলি চিনাক্ত কৰা হৈছে। ইফালে বন বিভাগে মাৰুন বড়ো নামৰ এজন অস্ত্ৰ ব্যৱসায়ীকো আটক কৰে।