16
Aug
2017

দলংঘাটঃ ১৬ আগষ্টলৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা৷ ১৫ আগষ্টত উত্তোলন কৰা পতাকা খন সন্ধিয়া ৬ বজাত নমাব লাগে যদি দৰং জিলাৰ পাৰিয়াপাৰাত ১৬ আগষ্টলৈ উৰি থাকিল পতাকা৷
স্বাধীনতা দিৱসৰ দিনটোত শ্ৰদ্ধা সহকাৰে শ্বহীদ সকলক স্মৰণ কৰি হয়তো পতাকা খন উত্তোলন কৰা নাছিল৷ প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত বিদ্যালয় খনত পতাকা খন উৰুৱাই থৈ দায়িত্ব পালন কৰিলে। যাৰ বাবে স্বাধীনতা দিৱসত উত্তোলন কৰা পতাকা উৰি থাকিল পুৱা পৰ্যন্ত।
দৰং জিলাৰ পাৰিয়াপাৰা গাঁৱত থকা আমিৰুদ্দিন আলি স্মৃতি প্ৰাথমিক বিদ্যালয়ত ১৬ আগষ্টৰ পুৱালৈকে উৰি থাকিল পতাকা। দেশে স্বাধীনতা দিৱস উদযাপন কৰি ৰাষ্ট্ৰীয় পতাকা খনক সন্মান প্ৰদৰ্শন কৰাৰ সময়তে দৰং জিলাৰ পৰিয়াপৰাত থকা বিদ্যালয়খনৰ শিক্ষক সকলে ৰাষ্ট্ৰীয় পতাকাক অৱমননা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।