নগাঁওঃ বিগত কেইবাদিনো ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত পৰা বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী মৌজাবাসীৰ দুখ-দৰ্দশাৰ এতিয়াও অন্ত পৰা নাই৷ মৌজাটোৰ কুঁজিসত্ৰ, বৰিবজাৰ, বৰচিলা, গা-খজুৱা, বোৱালগুৰি, কহুঁৱাআটি, খলপীয়া, কটহগুৰি, গোসাঁইখণ্ডা, দলংঘাট, শিমলুগুৰি, আলিছিঙা, টুপগাঁও, ভেহুঁগুৰি আদি অঞ্চলৰ বহু লোকৰ ঘৰ-বাৰী, বিদ্যালয়,চিকিৎসা কেন্দ্ৰ, কৃষিভূমি আদি ধাৰাষাৰ বৰষুনৰ পানীয়ে বুৰাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে যদিও চৰকাৰ-প্ৰশাসনৰ তৰফৰ পৰা আজিকোপতি দুৰ্ভগীয়া ৰাইজে কোনো ধৰণৰ সহায় নোপোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে৷

আনকি স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই দুৰ্গত লোকসকলৰ এনে দুৰৱস্থাৰ সময়ত যেনেধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহন কৰিব লাগিছিল তাকে নকৰাত ৰাইজৰ দুখ কুলাই পাচিৰে নধৰা হৈছে৷ ফলত দুৰ্গত লোকসকলে বহু কষ্টৰ মাজেৰে কোনোৰকমে সময় পাৰ কৰা পৰিলক্ষিত হৈছে৷ সেয়ে এনে এক পৰিস্থিতিত ককবকাই থকা লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আছু৷

জানিব পৰা মতে, শিলপুখুৰী আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে ইতিমধ্যে মিকিৰভেটা ৰাজহ চক্ৰ বিষয়াক সাক্ষাৎ কৰি দুৰ্গত লোকসকলক সহায় কৰিবলৈ দাবী জনোৱাৰ লগতে মৌজাটোৰ বিভিন্ন প্ৰকাৰৰ জ্বলন্ত সমস্যাৰাজিৰ প্ৰতি স্থানীয় বিধায়িকা তথা চৰকাৰ-প্ৰশাসনে দেখুৱাই অহা আওকণীয়া মনোভাৱৰ পৰিত্ৰাণ বিচাৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷

আছুৰ প্ৰতিনিধিৰ দলটোত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সহঃ সম্পাদক দিপুল কুমাৰ নাথ, কুঁজিসত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামী, শিলপুখুৰী ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সত্যব্ৰত দেৱগোস্বামী, গুঞ্জন হাজৰিকা, নয়নমনি কলিতা, মাধুৰ্য বৰুৱা, অংকুৰ আমচি, চুমী দাস, দীপাংকৰ হীৰা, ধন বৰদলৈ, যুগ নন্দন হীৰা, পৰাগমনি কেওট আদি উপস্থিত থাকে৷