11
Aug
2017

জোনাইঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ডিব্ৰু ছৈখোৱাৰ লাইকা দধিয়া অঞ্চল পুনৰাই বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰি পুনৰাই হাহাকাৰ কৰিব লগা হৈছে লাইকা দধিয়াৰ ৰাইজ।
জুলাই মাহত বানৰ কবলত পৰি ককবকাব লগা হোৱা লাইকা দধিয়া লোকসকল আজিও টম্বু টানি থাকিবলগীয়া হোৱাৰ সময়তে পুনৰ বানৰ কবলত পৰি ককবকাব লগা হৈছে লাইকা দধিয়াবাসী৷ শেহতীয়াকৈ কেবাদিনো ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত পুনৰ বানত কবলত পৰে লাইকা দধিয়া।
বানৰ ফলত আশ্ৰয় ল'বলৈ বাবে ঠাই নোহোৱা হৈছে ৰাইজৰ। কেবাটাও ঘৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে। দেখা দিছে গভীৰ খাদ্য সংকটে ৷ অঞ্চলটোত থকা দুখন মধ্য আৰু প্ৰাথমিক বিদ্যালয়ত কেবামাহ ধৰি বন্ধ হৈ আছে পাঠদান।