
তিনিচুকীয়াঃ পুনৰ বানৰ কবলত পৰিছে ৰাজ্য। উজনি-নামনি ভালেমান অঞ্চল বানে বুৰাই পেলােৱাৰ ফলত পুনৰাই হাহাকাৰ কৰিব লগা হৈছে ৰাইজে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৃষ্টিপাতৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাকত ন-দিহিঙৰ পানী ক্ৰমাৎ বিপদ সীমাৰ ১.৮৫ মিটাৰ অতিক্ৰম কৰাত অঞ্চলটোৰ মথাউৰিৰ ওপৰেৰে পানী বৈ ডিৰাক চুমনি গাঁওখন সম্পূৰ্ণ বানৰ কবলত পৰে৷
জিলা তথা স্থানীয় প্ৰশাসনে সাম্ভাব্য বানপীড়িত এলেকা সমূহৰ নিকটৱৰ্তী অঞ্চলৰ লোকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ উপৰিও এছ ডি আৰ এফ বাহিনীৰ লগতে সকলো চৰকাৰী কাৰ্যালয়ক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷
উল্লেখ্য যে ১০ আগষ্টতে তিনিচুকীয়া জিলাত ব্ৰহ্মপুত্ৰ, ন-দিহিং আৰু কুণ্ডিল নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ক্ৰমে ১৮০ মিটাৰ, ১৮৫ মিটাৰ আৰু ১৬৯ মিটাৰ অতিক্ৰম কৰিছিল ৷
সম্প্ৰতি সমগ্ৰ জিলাখনতে একাধাৰে বৰষুণ দি থকাৰ থকাৰ ফলত যিকোনো মুহূৰ্ততে এক বিশাল এলেকা বানৰ কবলত পৰাৰ আশংকা কৰা হৈছে৷ ইতিমধ্যে ১০ আগষ্টৰ সন্ধিয়া বানৰ কবলত পৰা ডিৰাক চুমনি গাঁৱৰ প্ৰায় ২৫০ ক্ষতিগ্ৰস্ত পৰিয়ালে বৰডিৰাক এম ভি স্কুলত আশ্ৰয় ল'ব লগা হৈছে ৷ জানিব পৰা মতে, ডিৰাক চুমনিস্থিত মথাউৰি ভাগিলে বৃহৎ অঞ্চলৰ প্ৰায় ২৫,০০০ পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নামি অহাতো প্ৰায় নিশ্চিত হৈ পৰিছে।