30
Jun
2017

গহপুৰঃ প্ৰায় ৩ কোটি ৫০ লাখ টকা ব্যায়েৰে নিৰ্মাণ কৰা মথাউৰীৰ পকী প্লেট তললৈ খহাই নিয়াত শংকিত হৈ পৰিছে গহপুৰৰ বহু গাঁৱৰ বাসিন্দা। গহপুৰ নগৰৰ সোঁ মাজেৰে বৈ যোৱা চত্রং নদীৰ বাঢ়নী পানীয়ে প্ৰতিটো বাৰিষাতে জ্বলা-কলা খুৱাই আহিছে । ৩০ ঘন্টা পূৰ্বে বাঢ়নী পানীয়ে কেইবাকোটি টকাৰে নিৰ্মাম কৰা মথাউৰী খহাই নিয়াত শংকিত হৈ পৰিছে নৈ পৰীয়ে লোকসকল।
নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাৰ জীৱন আৰু সা-সম্পত্তিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । যোৱা ২১ জুনত নদীখনৰ সোঁতে গহপুৰৰ ৬ নং ৱাৰ্ডৰ মথাউৰীৰ দুটা অংশ প্ৰায় ৪০ মিটাৰ অংশ খহাই নিছিল। নদীখনৰ মথাউৰী ছিঙা অংশ বৰ্তমানেও জলসম্পদ বিভাগে মেৰামতি নকৰাৰ বাবে পুনৰ বানৰ কৱলত পৰিছে মধ্যচত্রং এলেকা।