
খাৰুপেটীয়াঃ বানৰ কবলত দৰং জিলাৰ খাৰুপেটীয়া অঞ্চল৷ কেইবা খনো গাঁও বানৰ কবলত পৰাত ৰাইজে হাহাকাৰ কৰিব লগা হৈছে৷ ৰাজ্যৰ ভিতৰতে অদ্বিতীয় পাচলি উৎপাদনৰ ঠাই খনৰ বহু কৃষকৰ ফচল পানীৰ তলত থকাত ককবকাব লগা হৈছে কৃষকে৷ বহু কৃষকৰ খেতি নষ্ট হৈ গৈছে৷
এতিয়া খেতিয়কৰ চকুত মাথো অমানিশাৰ এন্ধাৰ৷ ইয়াৰ পিছতো খবৰ লবলৈ আহৰি নাই চৰকাৰ আৰু জন প্ৰতিনিধিৰ৷ খাৰুপেটীয়াৰ নিকটৱৰ্তী ব্ৰক্ষ্মপুত্ৰ নৈৰ দক্ষিণ পাৰত অৱস্থিত খেৰণী চাপৰি, কলাই চৰ, ২নং মাগুৰমাৰী, মিৰকামাৰি, শনিৰচৰ, খৰিকাটা চৰ, কাঁচিচৰ, চিতলকাটি, গৰুমৰা আদি বিস্তৃত এলেকা ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলায়৷
যাৰ ফলত ঘৰ-দুৱাৰকে আদি কৰি পথাৰৰ খেতি পৰ্যন্ত উটুৱাই লৈ যায়৷ বাঢ়নী পানীয়ে পুখুৰী সমুহ বুৰাই পেলোৱাত এতিয়া মুৰে কপালে হাত দিছে মাছ উৎপাদনকাৰী সকলে। বৰ্তমানলৈকে উক্ত এলেকাত জনপ্ৰতিনিধি আৰু চৰকাৰৰ কোনো বিষয়-ববীয়া খবৰ লবলৈ নোযোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে৷