11
Aug
2017

বাঘবৰঃ পুনৰ বানৰ কবলত ৰাজ্য ৷ উজনি-নামনিৰ কেইবাখনো জিলাৰ লোক বানৰ কবলত পৰি পুনৰ হাহাকাৰ কৰিব লগীয়া হৈছে৷
বৰপেটা জিলাৰ বাঘবৰত বেঁকী নৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগতে ভয়ংকৰ খহনীয়াৰ কবলত পৰিছে বহু লোক। বেঁকী নৈ আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ হোৱাৰ ফলত নিশাৰ ভিতৰতে ডুব গৈছে ২০ খনকৈ গাঁও।
বেঁকী নৈৰ খহনীয়াত মৰাভাজ, সত্ৰকনৰা, ১৪ নং ছিটগাঁওসহ অঞ্চলটোৰ ২০ টাকৈ পৰিয়ালৰ ভেটি-মাটি জাহ য়ায়। খহনীয়াগ্ৰস্ত পৰিয়ালসমূহে থাকিবলৈ এটুকুৰা ঠাই নাপাই ককবকাব লগা হৈছে।
স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে খহনীয়াগ্ৰস্ত পৰিয়ালসমূহৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে। আনহাতে বাঘবৰ-বহৰি মাথাউৰি ছিঙাৰ আশংকা কৰিছে ৰাইজে।