
অভয়াপুৰীঃ পুনৰ বানৰ কবলত নামনি অসম৷ নেৰানেপেৰা বৰষুণৰ ফলত আই আৰু মানাহ নৈৰ জলস্তৰ বৃদ্ধি পোৱাত উত্তৰ শালমাৰা মহকুমাৰ বহু অঞ্চল বুৰ যায়৷ লেংটি ছিঙা বজাৰস্থিত সন্তোষপুৰ, ভৰালীপাৰা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড আদি অঞ্চলৰ যোগাযোগৰ একমাত্ৰ কাঠৰ দলংখন বানে উটুৱাই নিয়াত যাতায়াত ব্যাহত হয়৷
আনহাতে লেংটিছিঙা অঞ্চলৰ সন্তোষপুৰ, ডুমেৰগুৰী, টোপগাঁও, নাৰাৰভিটা, ভৰালীপাৰা প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, কুশবাৰী প্ৰথম খণ্ড, দ্বিতীয় খণ্ড, তৃতীয় খণ্ড, মেৰেৰচৰ, ন-সত্ৰ বাঘেখাইতি আদি অঞ্চল বানৰ কবলত পৰাৰ লগতে মৰা মানাহৰ বান্ধৰ পুৰ্বে ভগা অংশৰে মানাহৰ বাঢ়নী পানী ওলাই অহাত বহু অঞ্চল জলমগ্ন হৈ পৰে।
মানাহৰ পানীয়ে কুশবাৰীৰ গড়কাপ্তানী পথ খহাই নিয়াৰ উপক্ৰম হোৱাৰ লগতে মধুফল গাঁৱত বৰপেটা জিলা সংযোগী পথটো খহনীয়াৰ কবলত পৰিছে।
বানপানীত আক্ৰান্ত এই বিস্তৃৰ্ণ অঞ্চলটোত কেইবাশ হেক্টৰ কৃষি ভূমি পানীত ডুব যায়। ইতিমধ্যে মধুফল গাঁৱৰ এখন বিদ্যালয় মানাহ নৈৰ বাঢ়নি পানীৰ কবলত পৰি নৈৰ বুকুত জাহ গৈছে। আনপিনে আজি বঙাইগাঁও জিলাৰ উপায়ুক্ত আৰু অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত মালোৱে বানপানী আক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।