পীড়িতক পীড়ন

সম্প্ৰতি ৰাজ্যৰ ঠায়ে ঠায়ে বানে ব্যাপক ৰূপ লৈছে। ৰাইজৰ অভিযোগ অনুযায়ী বছৰ বছৰ ধৰি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বাঢ়নী নৈক ভেটা দিবলৈ মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত বিধি-পথালি দি আহিছে। কেন্দ্ৰই মথাউৰি নিৰ্মাণৰ বাবে মোকলাই দিবলগীয়া পুজিৰ ক্ষেত্ৰত প্ৰতিবাৰে যি লেহেমীয়া পন্থা অৱলম্বন কৰে তাৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছে ৰাজ্যৰ বান আৰু খহনীয়া পীড়িত ৰাইজ।