
Helsie's
কাজিৰঙাঃ ৰাজ্যত এতিয়াও শাম কটা নাই ভয়াবহ বানৰ তাণ্ডৱ৷ ৰাজ্যৰ বিভিন্ন ঠাইট এতিয়াও বানে ধাৰণ কৰি আছে সংহাৰী ৰূপ৷ আনহাতে কিছু কিছু অঞ্চলত নদীৰ জলপৃষ্ঠ বৃদ্ধি নহোৱাৰ ফলত বান পৰিস্থিতি নিয়ন্ত্ৰনলৈ অহিছে৷ কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱাৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পাচিঘাট আৰু ডিব্ৰুগড়ত সংকেট সীমাৰ তললৈ নামিছে৷
নিমাতীঘাটত জলপৃষ্ঠ বিপদ সীমাৰ ০.৮৬ মিটাৰ ওপৰেদি বৈ আছে যদিও পানী স্থিৰ হৈ থকা পৰিলক্ষিত হৈছে৷ ইফালে ধনশিৰি মুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰি বিপদ সীমাৰ ০,২২ মিটাৰ ওপৰেদি বৈ আছে৷ লগতে নদীৰ পানী বাঢ়ি থকাৰ ফলত সংকট বৃদ্ধি পাইছে৷ অহা ১২ ঘন্টাত ধনশিৰি মুখত পানী ৰোৱাৰ সম্ভাৱনা আছে৷