
ধনশিৰিঃ বানৰ কবলত পৰি আজিও ককবকাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক৷ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ, নাওজান, চুঙাজান আদি এলেকাৰ বহু গাঁও বুৰাই পেলায়।
মহকুমাটোত ১৯৮৫-৯৮৬ চনৰ পিছত এইবেলি পুনৰ বানৰ কবলত পৰাত আশ্ৰয় শিবিৰত থাকিব লগা হৈছে৷ মহকুমাটোৰ ১নং চুঙাজান ব্লক, জ্যােতিবন, ২নং কৈৰিগাঁৱ, ১নং পাৰঘাট, ১ আৰু ২নং পদুমনি, শিঙিমাৰি, ধনশিৰি পাৰ, বিলপথাৰ, নগাজুৰি কাৰ্বি আংলংৰ হলৌখোৱা, পুৰণা বৰপথাৰ, নগাখুলি আদি অঞ্চলৰ প্ৰায় ৫০০টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে৷
প্ৰশাসনে স্থানীয় বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিৱিৰত আশ্ৰয় লৈছে বহু পৰিয়ালে। আনহাতে আজি বৰপথাৰ-চিলনীজান অংশৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি নিয়াত ধনশিৰি মহকুমাৰ সৈতে কাৰ্বি আংলঙৰ চিলনীজান অঞ্চলৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। উল্লেখ্য যে, মথাউৰিটোৱে আছিল অঞ্চল দুটাৰ মাজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম।