newsnextone.com | মোৰাঝাৰঃ যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ দি থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইৰ জিলাত নৈ সমূহৰ পানী বাঢ়ি আহে৷ নৈৰ পানীয়ে কেইবাখনো গাঁও জলমগ্ন কৰাৰ ফলত এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ ডিমৰু, কপিলী, যমুনা আদি নৈৰ মথাউৰি ছিঙি কেবাখনো গাঁও ডুব যোৱাত ঈদৰ উছাহো ম্লান পৰে৷

বানাক্ৰান্তই যিয়ে যেনেকৈ পাৰিছে ঘৰ-দুৱাৰ এৰি থৈ অন্য ঠাইত আশ্ৰয় লৈ নিজৰ প্ৰাণ ৰক্ষা কৰিছে। ডবকাৰ বুঢ়ীগাঁও কালাপানীত মথাউৰি ছিঙি ডুব গৈছে বৃহৎ অঞ্চলৰ ঘৰ দুৱাৰ আৰু খেতি পথাৰ। ইয়াৰ উপৰিও যমুনা নৈৰ মথাউৰি ছিঙি ডবকাৰ হিন্দব্লক, ভেলৌআটী আদি ঠাই জলমগ্ন হৈ পৰে। ক্ষতিগ্ৰস্ত হৈছে বহু লোক। 

ফেনে ফুটুকাৰে বাঢ়িছে কপিলী, যমুনা আৰু ডিমৰু নৈৰ পানী বিপদ সীমাৰ হৈ থকাত ডিমৰু নৈৰ পানী বাঢ়ি অহাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। পানীত ডুব গৈছে হোজাইৰ ডিমৰুপাৰ, ভুখাওবস্থি, হীৰাবস্থি, আলীনগৰ আদি অঞ্চল। গড়কাপ্তানি পথৰ ওপৰেৰে পানী বৈ যোৱাত যাতায়াততো হাৰাশাস্তি হৈছে বহু লোকৰ৷ কপিলীৰ বাঢ়নী পানীয়ে ডুবাইছে কেন্দুগুৰি, নভাঙা, জাতিংগা আদি অঞ্চল। 

হোজাইৰ ৰাইকাটাত কপিলীৰ মথাউৰি ছিঙি ৰাইকাটা, চন্দনপুৰ, ইছলামপুৰ, জাতিউৰা আদি গাওঁ প্লাৱিত হৈছে। কেবাশ লোকৰ ঘৰ-দুৱাৰ পানীত ডুব গৈছে। হোজাইৰ অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষীৰ লোকে বানাক্ৰান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। এই ঠাইসমুহৰ শ শ লোকে ঘৰ এৰি নিৰাপদ স্থানলৈ গতি কৰিছে। হোজাইত কপিলী নৈৰ বাঢ়নী পানীয়ে কেবাঠাইত মথাউৰী ছিঙি নিয়াত আন বহু অঞ্চল নিশাৰ ভিতৰতে জলমগ্ন হয়।

কপিলীৰ পানীয়ে ৱাৰগেডিং আৰু কেন্দুগুৰীৰ মথাউৰি ছিঙি পেলাই। যাৰ বাবে নেপালী খুটি, হাতীমূৰা, তৰাডুবি আৰু কেন্দুগুৰীৰ বিস্তীৰ্ণ এলেকা ডুব গৈছে। হোজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথৰ ওপৰেৰে পানী বৈ যোৱাত দুয়োখন ঠাইৰ মাত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় বিশখন গাঁও বানৰ কৱলত পৰে।

যমুনা নৈৰ পানীয়ে কেবাঠাইত মথাউৰি ছিঙি নিয়ে। যমুনাৰ বাঢ়নী পানীয়ে ডবকাত এক সংহাৰী ৰূপ ধাৰণ কৰিছে। নিশা দুই বজাত হঠাৎ বাঢ়ি অহা পানীত ডবকা চহৰৰ পাঁচ নং ৱাৰ্ড, ডবকাৰ দীঘলজাৰুনী, কালাপানী, উদমাৰী, যমুনাগাঁও, নাহৰগাঁও আদি অঞ্চলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ডবকা চহৰৰ পাঁচ নং ৱাৰ্ডত থকা দুটাকৈ এন আৰ চি সেৱা কেন্দ্ৰ বানৰ কৱলত পৰাত হোজাই জিলা প্ৰশাসনে সেৱা কেন্দ্ৰ দুটা বিন্নাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয়লৈ স্থানান্তৰ কৰে।

ইফালে যমুনা নৈৰ মথাউৰি ছিঙি কেবাখনো গাঁও ডুবা যোৱাত ৰাইজে অন্য স্থানলৈ গৈ থিতাপি লব লগা হয়। ডবকাৰ দীঘলজাৰুনী, উদমাৰী, কপাহবাৰী,পশ্চিম মৌডংগা, পূৱ মৌডংগা, যমুনাগাঁও, কালাপানী, নাম ডবকা পথাৰ, ৰাজবাৰী, ডবকা নালা, পশ্চিম ভেদৌঅাটী, বগুৰী আদি ঠাইসমূহ বানৰ কৱলত পৰাত ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ডবকা ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে বানাক্ৰান্তৰ খবৰ লয়৷ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে মথাউৰি ভগা অংশত উপস্থিত থাকি মথাউৰি নিৰ্মাণৰ কামত ব্যস্ত হৈছে যদিও জিলা প্ৰশাসনৰ অন্য বিষয়াসকলৰ কোনো খবৰ নোলোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ডবকা ৰাজহ চক্ৰ বিষয়াই ডবকাৰ এজেচি মেমোৰিয়েল হলৰ প্ৰথম মহলাত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ স্থাপন কৰে।

দেৱস্থান আৰু কপাহবাৰীত দুটাকৈ আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে বুলি জানিব পৰা গৈছে। হোজাইত কপিলী নৈৰ পানীয়ে হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত জৰাং পথাৰ, লংকাজান, দৰ্জিচিট, যমুনাচিট, ধনোৱাৰ বস্তি, নভঙা, ফকিৰাবস্থি, মিনাপথাৰ, উত্তৰ কোমোৰাকাটা, দক্ষিণ কোমোৰাকাটা, দীঘলবাৰী, ইচলামনগৰ, ফটেহপুৰ, নন্দলালপুক, তৰাডুবি, ৰাধানগৰ এক, টেঙৰীপাৰ, জয়ন্তীয়াবস্থি আদি গাঁৱৰ বহু লোকৰ ঘৰ দুৱাৰ, কৃষি পথাৰ আদি নষ্ট কৰিছে। কপিলীৰ ৬৯.৯ মিটাৰ জলস্তৰৰ বাবে নিশা আন বহু গাঁও প্লাৱিত হোৱাৰ সম্ভাৱনা আছে।